পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৩
ধুমুহা বতাহ।

এনে সময়ত পিছে,
দেখা গল সেই দিশে,
কুলি কণি যেন কলা মেঘ এডুখৰি,
উঠে লাহে আপোনাৰ দেহক বিস্তাৰি।

খঙে যেন ক্ষিপ্ত হুই,
মুখেৰে উগাৰে জুই,
গৰ্জ্জনৰ ছলে আৰু কৰে হুহুঙ্কাৰ,
আহিছে নিশ্চয় যেন নাশিব সংসাৰ।
প্ৰথমতে ক্ষুদ্ৰ কায়,
কিন্তু ক্ৰমে বাঢ়ি যায়,
নিমিষতে জুৰিলেক আকাশ গোটেই,
বানপানী পথাৰ বুৰায় যেনেকই।

তাৰ লগে লগে বাত,
লগাইলেক আহি মাত,
প্ৰথমতে গহীন গম্ভীৰ অতিশয়,
নিয়মিত বেগ ধৰি লাহে লাহে বয়।
মুহূৰ্ত্তেক পিছে তাৰ,
লগাই দিলে মহামাৰ,
মেঘ আৰু বিজুলীৰ সহযোগ পায়,
মাৰ মাৰ কৰি বায়ু দশেদিশে ধায়।

ডাৱৰৰ গৰগৰি,
বতাহৰ হৰহৰি,
বিজুলীৰ চিকিমিকি দীঘল দীঘল,
কৰিলে সকলো প্ৰাণী ভয়ত বিহ্বল।
ইতি মধ্যে বৰষুণ
সিয়ো অতি নিদাৰুণ।
মহাবেগে মেঘ এৰি পৃথিবীত পৰে;
কাবৌ কাকুতি কাৰো কাণকে নকৰে।

৫৫