সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩২
অসমীয়া সাহিত্যৰ চানেকি।

কিন্তু সুবদনী তুমি শিৰোমণি
তুমিহে সবাৰ ৰাণী,
ৰূপ আছে হয় কিন্তু নপাৱয়
তোমাৰ ঠেঙৰ পানী।
গাভৰু জোনৰ মুখৰ পোহৰ
দেখি লাগে ৰঙ্গ যেনে,
কিহে দিব পাৰে ভুবন ভিতৰে
মনৰ আনন্দ তেনে।
মোৰ মনে কৰে নিতৌ এই দৰে
তোমাক দেখিব পাম,
সকলোকে এৰি নেত্ৰে ভৰি ভৰি
তোমাৰ ৰূপকে চাম।

⸺⸺


ধুমুহা বতাহ।

সবে চাৰি পৰ বেলি,
ক্ৰমে ক্ৰমে গল চলি,
সুৰুযে ধৰিলে ৰঙ্গা উৎপল বৰণ,
হিঙ্গুলীয়া হই গল পশ্চিম গগন।
জিলিকি গছৰ আগ,
ঘৰৰ ওপৰ ভাগ,
সোণবৰণীয়া ৰ’দে হই সুশোভিত;
দেখি মানুহৰ মন হল হৰষিত।

আন কথা পৰি হৰি
ক্ৰমে এটি দুটি কৰি,
প্ৰকৃতিৰ সুশীতল নিশ্বাস সেৱন
কৰিব ওলাই গল হই হৰ্ষ মন।