সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৪
অসমীয়া সাহিত্যৰ চানেকি।

মেঘে মাৰে ঢেৰেকনি,
ফাটি যায় কাণ শুনি
ধুমুহাৰ ধুমধুমি ধৰে তাতে তান,
নুশুনি নেদেখি একো উড়ি যায় প্ৰাণ।
নাই নাই কিছু পৰ,
তাৰ পিছে হৰ হৰ
কৰি আহি দিয়ে দেখা পৱন দেৱতা।
ভাঙ্গি ছিঙ্গি ঘৰ বাৰি গছ আৰু লতা।

মৰমৰ শব্দ হ’ল,
কাৰ ক'ত কি হ’ল,
কবকে নোৱাৰি একো চকুৰে নেদেখি,
অন্ধকাৰ ধোৱময় দেখি দশোদিশি।
মেট মেট কৰে ঘৰে,
খুটা চতি ঘনে লৰে,
প্ৰাণৰ ভয়ত যত কুমাৰী ছোৱালী,——
খুটা ধৰি স্তুতি কৰে বায়ুৰাজ বুলি।

কথমপি বাজ হুই
চোতালত ফণি থই,
কৰে স্তুতি আৰাধনা কৰযোৰ কৰি,
এৰি যোৱা বায়ুৰাজ অনুগ্ৰহ কৰি।
দেখা পালে সিহঁতৰ,
কাৱ বাৱ নিৰন্তৰ,
পমি যাব খোজে হাঁয় মানুহৰ বুকু;
দুৰ্জ্জয় পৱন কিন্তু নাই তাৰ চকু।

স্তুতি কৰে বিপ্ৰ সবে,
দেৱদেৱ মহাদেৱে,
জৈমিনী সমস্ত পুলস্ত্যৰ নাম লই;
তিৰুতাই স্তব কৰে চাল চতি ছুই। '