পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৯
পূৰ্ণিমাৰ জোন।

পূজা দিলোঁ তোক ময় অতি যত্ন কৰি,
আধিলো একচিত্তে আন কাম এৰি?

 ইয়ালৈকে পখালিলোঁ,
 ইয়ালৈকে চুমা দিলোঁ,
দুঠেঙত তোৰ ময় ভক্তি সহকাৰে,
তাৰ এই ফল মোক দিলি ভাৰে ভাৰে?
 খুৱালি গঞ্জনা ঘোৰ,
 গৰিহণা মানুহৰ,
বুলি প্ৰাণক মোৰ লাজৰ সাগৰে,
অপমান অনুতাপ পাও ঘৰে পৰে।

 ইমান যাতনা দিলি,
 মনৰ উৎসাহ নিলি,
তেও তোৰ নাই সুখ কৰি লটি ঘটি,
শেষে কাঢ়ি নিলি মোৰ কণাৰ লাখুটি,
 শুনা শুনা ভাইগণ!
 আশাক নিদিবা মন।
সাক্ষাত সাপিনী তাই নাই দয়া লেশ।
ধৰি মাথোন ফুৰে তাই কৃপালুৰ ভেশ।
 দেখিব সুন্দৰ অতি
 জিনি লক্ষ্মী সৰস্বতী,
কিন্তু বিষ দিছে থই দাঁতৰ চুকত,
চল পালে নেৰে ভাই খুটিব বুকত।

পূৰ্ণিমাৰ জোন।

আজি আকাশত    মেঘৰ মাজত,
পূৰ্ণ্ণ জোন কাচি পাৰি,
নানা ভাব ধৰি,   লাহে লাহে কৰি
দিছে দেখা হাঁহি মাৰি।