পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩০
অসমীয়া সাহিত্যৰ চানেকি।

ধুন চাই চাই  ধীৰে ধীৰে যায়
গঢ়াই পেলাইছে ভৰি,
এবাৰ ইফালে  এবাৰ সিফালে,
চায় কেৰাকেৰী কৰি।
এবাৰ লাজত  মেঘৰ আঁৰত
থাকে মুখ লুকুৱাই,
কিন্তু কিছু পিছে  হাসিয়া হৰিষে
দিয়ে দেখা পুনৰাই।
একেতো শুৱনী   জোন সুবদনী
ললিত বলিত গাৱ,
তাতে এই ৰূপ  দেখুৱাব ৰূপ
কৰে না না ভঙ্গি ভাৱ।
এবাৰ ওলায়  এবাৰ লুকায়
এবাৰ ভুমুকি মাৰে,
হাঁহি হাঁহি চকু  ৰসে ভৰা বুকু
ধীৰে ধীৰে খোজ কাঢ়ে।
ৰূপৰ কিৰণ  জুৰিছে গগন,
তেও আৰু আছে বাকী।
পাৰ কুল নাই  দশে দিশে যায়,
আছে বসুমতী ঢাকি॥
এক ৰতি তাৰে  পায় অহঙ্কাৰে
যতেক গছৰ পাত,
চিকমিক কৰি  ঠন ধৰি ধৰি
জিলিকিছে অসংখ্যাত।
যত পকি ঘৰে   ঢক ঢক কৰে,
ধৰি অতি শুভ্ৰ বেশ,
যেন ৰজতৰ   সেই একো ঘৰ
শোভাৰ নাহিক শেষ।