পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৮
অসমীয়া সাহিত্যৰ চানেকি।

এৰি গলা নিৰাশ্ৰয় কৰি একেবাৰে।
তুমি বিনে জগতত কোন জীব পাৰে?
 যাওক মোৰ ধন কড়ি,
 যাওক পিতৃ মাতৃ মৰি,
ভাই, ভনী, সহায়, কুটুম্ব আদি যত,
তুমি থাকিলেই সুখ পাম মই কত!

 নোখাজো নীতিৰ জ্ঞান,
 নালাগে বিদ্যাৰ মান,
আৰু যত জগতৰ ভাল বস্তুচয়,
যদি আই তোমাৰ চৰণ পাও ময়।
 বুজিছোঁ বুজিছোঁ আই,
 ভৰসাৰ টেপ পায়,
আতৰিলা নিদাৰুণ হই মোক এৰি,
অপাৰ সাগৰ মাঝে নিঠৰুৱা কৰি।

 বিশ্বাস ঘাতকী আশা!
 দিলো হৃদয়ত বাসা,
পৃজিছিলো দিবা নিশি চৰণত পৰি,
তেও দুঃখ দিলে মোক হায় হৰি হৰি॥
 নিজে গল, যক তাই,
 তাত মোৰ শোক নাই
তোমাকে যে লই গল ভঙ্গাই ভুলাই,
সেই অনুতাপ মনে সহন নাযায়।

 মোৰ আশা পিশাচনী
 কুলটাৰ চুড়ামণি
মৰ দহি পুৰি, মোৰ শাপ অগনিত,
নাথাকোক যেন তোৰ নাম পৃথিবীত।
 ইয়ালৈকে ভাঙ্গি ধন,
 ইয়ালৈকে পুতি মন,