পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৭
শান্তি আৰু আশা।

শান্তি আৰু আশা।

 হাঁয় হাঁয় হৰি হৰি,
 ৰও মই কেনে কৰি?
শান্তি বিনে এই ভব সাগৰ অপাৰে,
মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে?
 একে উথলিছে ঢৌ
 কৰি শব্দ ৰৌ ৰৌ,
তাত গুৰিয়ালে হায় এৰি গল মোক।
ইযাত কৈ আৰ কিবা আছে বৰ শোক!

 অ শান্তি! দয়া শীলা,
 কত অন্তৰ্ধান হলা?
দেখা দিয়া একবাৰ জীৱন জুড়াক।
তুমি দয়া নকৰিলে আৰু পাম কাক?
 তুমি মোৰ বল বুদ্ধি,
 তুমি মোৰ সৰ্ব্বসিদ্ধি,
তুমি হোৱা একমাত্ৰ কণাৰ লাখুটি,
তুমি বিনে হুব মোৰ পৰমায়ু চটি।

 এই জীৱনত মোৰ,
 কত দুখ তাপ ঘোৰ।
ঘটিছিল, তাৰ একো সীমা সংখ্যা নাই!
তেনে সময়তো তুমি ৰাখিছিল আই॥
 কান্দিলে ওচৰে বসি
 চকুৰ লো দিয়া মছি।
কৰা ঠিৰ কই মোক আশ্বাস বচন।
নেৰিছিল দুঃখে সুখে মোক কদাচন।

 আজি কি কৰিলোঁ দোষ?
 মোৰ প্ৰতি কৰি ৰোষ,