সাহিত্য বিচাৰ। ৪২১ কাপ-কাকতেৰে গঢ়া বস্তু। মানুহে লিখিবলৈ শিকাৰ আগেয়েও ভাষা আছিল, আৰু এতিয়াও আছে। কিন্তু সাহিত্য আগেয়ে নাছিল। ভাষাৰ অদিখিনি ঈশ্বৰে আৰু আদখিনি মানুহে কৰা, কিন্তু সাহিত্য হলে সৰ্বাংশে মানুহৰ হাতে গঢ়া বস্তু। সাহিত্য আৰু ভাষাৰ ভিতৰত যে কেৱল এই খিনিহে অমিল এনে বুলি ভবা উচিত নহয়। ৰাতি আৰু দিনৰ যেনে প্ৰভেদ, সিহঁতৰ ভিতৰত প্ৰায় সিমানেই প্ৰভেদ। মিল কেৱল একে ঠাইত মাথোন দেখা যায়। আগত কৈ অহা হৈছে যে নানাবিধ শব্দ গোট খুৱাই একেঠাই কৰি এটা ভাব প্ৰকাশ কৰাৰ নাম ভাষা। এতেকে ভাষা শব্দ মূলক, অৰ্থাৎ শব্দ নহলে ভামাৰ সৃষ্টি হব নোৱাৰে। যদি কাহানিব। মানুহে শব্দ এটাইবোৰ পাহৰি যায়, তেন্তে সেই দিনাই ভাষাৰৰ মূৰ মৰিব। সাহিত্যও প্ৰায় তেনেকুৱ। কিছুমান শব্দ লগ কৰি এটা কথা লিখিলেই সাহিত্য হয়। এতেকে সাহিত্যকে। ভাষাৰ নিচিনা শব্দৰ সমষ্টি বা পুঞ্জ বুলিব পাৰি। এই ঠাইতে ইহঁত দুইবে। বৰ মিল দেখা যায়। ইয়াত বাজে এহেলৈ যতে ধৰা ততে সিহঁত বেলেগ। ইহঁত দুইৰ ভিতৰত কত কত মিল আৰু কত অমিল ভালকৈ বুজি নললে সাহিত্য শিকাত বহুত বিঘিনি, জন্মিব পাৰে। কিয়নো, আমি আদিতে কৈছে, যে কেতবিলাক মানুহে ভাষা শিকে হয়, তেও সাহিত্যৰ ৰস নাপায়। ভাষা ওপৰতে থকা বস্তু, চকু ফুৰালেই তাক দেখা যায়। যেয়ে আখৰ চিনে, আৰু শব্দৰ অৰ্থ জানে, সেয়ে ভাষা দেখা পায়, আৰু শিকিব পাৰে; কিন্তু সাহিত্য তেনেকুৱা নহয়। তাক ভাষাৰ মাজৰ পৰা চালি-জাৰি উলিয়ালেহে পোৱ। যায়। সি ভাষাৰ তলত ঢাক খাই থাকে। বিচাৰি উলিয়ালেহে ওলায়। ভাষা এটা বস্তু, সাহিত্য তাৰ ৰূপ, ভাষা শৰীৰ সাহিত্য আত্মা, বা ভাষা পদাৰ্থ, সাহিত্য তাৰ গুণ। নাইবা, এইদৰেও ধৰিব পৰা যায়, যে ভাষা এটা ফুল, সাহিত্য তাৰ গোন্ধ, ভাষা মাটি কঁঠাল সাহিত্য তাৰ সোৱাদ। | এই দৰে ভাষাৰ মাজৰ পৰা সাহিত্য বিচাৰি উলিৱাকে সাহিত্য শিক্ষা বলে। এই শিক্ষা অৱশ্য অতি টান কাম, অলপ শ্ৰম কৰি সাধিব নোৱাৰি। গুৰিৰ পৰা। লাহে লাহে অভ্যাস নকৰিলে একে দিনে যে সাহিত্যৰ ৰস বুজা হব পাৰি, এনে কথা। কেতিয়াও মনত ঠাই নিদিবা। এই কাম কৰিবলৈ যে কতৰা কিছুমান নিয়ম আছে এনে নহয়। নিয়ম থকা হেঁতেন ই ইমান টান হবই নোৱাৰে। যি যি কামৰ নিয়ম বন্ধ আছে, অৰ্থাৎ নিয়ম অনুসৰি চলিলেই যি কাম সিদ্ধ হয়, তাক। টান কাম বুলিব নোৱাৰি। কিয়নো, নিয়ম হাজাৰ টান হলেও, মানুহে পুৰুষাৰ্থ কিৰ তাক বুজিব পাৰে; আৰু সেই দৰে চলিব পাৰে। যিবোৰ কামৰ একো
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৪
অৱয়ব