পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২০ অসমীয়া সাহিত্যৰ চানেকি। আন কিহৰ লগত সাহিত্যৰ বিশেষ সমন্ধ আছে, জয় জয়তে এই কেটা কথা ভালকৈ বিচাৰি চাব লাগিব। তেহে আমি সাহিত্যৰ ওচৰ চাপিব পাৰিম। সংসাৰৰ সকলো প্ৰাণীতকৈ যে মানুহে ইমান বেচি উন্নতি কৰিছে, তাৰ কাৰণ এই, যে সিহঁতে নিজৰ মনৰ ভাব আনক ভাঙ্গি কব পাৰে। এটা মানুহে নিজ বুদ্ধিৰে যি শিকে তাক, তাৰ লগৰীয়া বিলাকক বুজাই কব পাৰে। এই ক্ষমতা নথকা হেঁতেন মানুহে কেতিয়াও ইমান খিনি উন্নতি কৰিব নোৱাৰে। যেয়ে যি শিকে, সি তাৰ লগতে লোপ হল হেঁতেন। এতিয়া সেই ক্ষমতাৰ গুণত আমি আনে শিকা বা উলিওৱা কথাৰ পৰা উপকাৰ পাওঁহঁক। যি উপায়ৰ দ্বাৰাই এজনৰ মনৰ ভাৰ আন এজনক প্ৰকাশকৈ কব পৰা যায়, সেই উপায়ৰ নাম ভাষা। ভাষা কেনেকৈ হল, তাক কোনে সাজিলে, এই বোৰ কথা আমাক এতিয়া নালাগে। সম্প্ৰতি ইয়াকে জানি থলেই হব, যে আমি ভাষাৰ গুণতহে অন্য জীৱ-জন্তুতকৈ বেচি উন্নতি লাভ কৰিব পাৰিছে।। এই ভাষাৰ দ্বাৰাই আমাৰ মনৰ ভাব ব্যক্ত কৰে। এই ভাষাৰেইহে আমি পৃথিবীত সবাতকৈ শ্ৰেষ্ঠ। কিন্তু অকল ভাষাই আমাৰ ইমান উপকাৰ সাধিব নোৱাৰিলে হেতেন। যেতিয়া মানুহে লিখিব নাজানিছিল, যেতিয়া কাপৰ ব্যৱহাৰ পৃথিবীত নাছিল, সেই সময়ত ভাষাৰৰ বৰ আদৰ নাছিল। ভাষা যে ইমান গুণৱতী হল, ই কেৱল লিখাৰ বলতহে। মানুহে বুদ্ধিৰে উলিওৱা কথা লিখি থবলৈ এইটো উপায় নথকা হেঁতেন, ভাষাৰ পৰা আমি ইমান উপকাৰ কেতিয়াও নাপাও। মানুহে যেতিয়াৰ পৰা কথা লিখিবলৈ ধৰিলে, সেই দিনৰ পৰা সাহিত্যৰ সৃষ্টি হল বুলি ধৰিব পাৰি। ভাষা লিখিলেই সাহিত্য নাম পায়। ভাষা আৰু সাহিত্যৰ ভিতৰত ইমান মিল, যে সময়ে সময়ে কোনটো কি বাছি উলিয়াবলৈকে টান হৈ পৰে। কিন্তু এই কথাৰ পৰা এনে ভাবি লোৱা উচিত নহয়, যে ভাষা আৰু সাহিত্য একে। সিহঁত আকাৰে প্ৰকাৰে একে ৰকম হলেও, দুইও বেলেগ বেলেগ বস্তু। সিহঁতৰ গুণ বেলেগ, লক্ষণ বেলেগ, আৰু নামমা সুকীয়া। কিছুমান কথাত যদিও দুইৰৰ বৰ মিল দেখা যায়, কিছুমান কথাত আকৌ ইমান অমিল, যে সিহঁতৰ ভিতৰত একো সম্বন্ধই নাই বুলিব পাৰি। প্ৰথমতে চোৱ। ভাষা কেৱল এটা নাম মাথোন। ভাব প্ৰকাশ কৰিবলৈ মানুহে মুখেৰে নানা প্ৰকাৰ শব্দ কৰে। তাৰ একোটা শব্দৰ নাম আখৰ। আখৰৰ এটা বা কেই- বাটাও গোট খাই এটা বস্তুৰ নাম হয়। এই নামবোৰ যেতিয়া মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ উচ্চাৰণ কৰে, তেতিয়া তাকে ভাষা বলে। কিন্তু সাহিত্য