৪২২ অসমীয়া সাহিত্যৰ চানেকি। নিয়ম নাই সেই বোৰেহে আচলতে টান। এই দেখি সাহিত্য শিক্ষা সুৱল। কৰিবলৈ একো উপায় দিব নোৱাৰি। যি তাক শিকিব খোজ তেও কিছুমান দিন মন দি ধৰিলেই আপোনা আপুনি বহুত উপায় ওলাই পৰিব। ইয়াত শিকোতাৰ সহায় কৰিবৰ নিমিত্তে আমি স্কুল স্থূল দুই চাইটা কথা উনুকিয়াম। এই আৰ্হি অনুসৰি কাম কৰিলে যে কিছু উপকাৰ হব, তাত আমাৰ এক ধনিষ্ঠাও সন্দেহ নাই। | পৃথিবীত যত বস্তু আছে, তাৰ সকলোৰে দুই পিঠি। কথাৰৰ ভাব ঠিক এনেকুৱা। এটা লিখা প্ৰৱন্ধৰ দুটা পিঠি, তাৰে এপিঠিৰ নাম কথা বা শুদ্ধ ভাষা আৰু আনটো পিঠিৰ নাম সাহিত্য। যেতিয়া আমি প্ৰৱন্ধত কোৱা কথা কেটালৈ মাথোন মন কৰে। অৰ্থাৎ লিখকে যি ভাব প্ৰকাশ কৰে, তাত মাথোন মন দিওঁ, তেতিয়া আমাৰ চকু কেৱল ভাষাতহে থাকে। কিন্তু যদি তাক এৰি বা তাত বাজেও লিখকৰ লিখাৰ ধৰণলৈ চাও অৰ্থাৎ লিখকে কেনেকৈ মনৰ ভাব প্ৰকাশ কৰিছে, তেও কি কি শব্দ ব্যৱহাৰ কৰিছে, কি উপমাৰে বুজাইছে, আৰু কেনে ভাৱত লিখিছে, এই বোৰ কথালৈ মন দিয়া যায়, তেন্তে সেই প্ৰৱন্ধৰ তেতিয়া সাহিত্য বিচৰা হয়। মুঠতে কব লাগিলে লিখকে যি কয় তালৈ মন কৰিলে ভাষা আৰু যেনেকে কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মানুহে, প্ৰৱন্ধত কোৱা কথা অৰ্থাৎ বাতৰিটো মাথোন বিচাৰে তেওঁ সেই প্ৰৱন্ধৰ সাহিত্য নেদেখে। সাহিত্য বিচৰা মানুহে প্ৰবন্ধত থকা উপমাৰ মিল, শব্দৰ পাতনি ভাৱৰ গাঁথনি, আৰু লিখাৰ প্ৰণালীলৈ মন কৰে। এটি উদাহৰণ দিও চোৱ।। “ঈশ্বৰ দয়াৰ সাগৰ” এই এটা বাক্য। এতিয়া আমি যদি বাক্যটো পঢ়ি ইয়াকে বুজি থওঁ যে ‘ঈশ্বৰ বৰ দয়ালু তেনেহলে আমি তাৰ ভাষাতহে মন দিলো। কিন্তু যদি এই দৰে ভৰা যায়, যে এই ঠাইত ঈশ্বৰ নিদি পৰমেশ্বৰ লিখা হেঁতেন শুনিবলৈ ভাল হল হেঁতেন, বা ঈশ্বৰ শব্দটোৱে এই ঠাইত সুন্দৰ ৰূপে খাই পৰিছে, আন শব্দ দিলে বেয়া হব, তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্যতহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ নুবুলি দয়া-তৰঙ্গিণী বা দয়াকুপ বোলা ভাল আছিল; বা দয়াকূপ বুলিলে নিমিলে, কিয়নো ঈশ্বৰ সৰ্বব্যাপী, এতেকে দয়ানদী বোলা যাওক, বা এই শব্দটো শুনিবলৈ কৰ্কশ, এতেকে দয়াতঙ্গিনী বোলা ভাল; এনেকুৱা বোৰ কথালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। | এতিয়া সুন্দৰৰূপে বুজিব পাৰি, যে সাহিত্য কেৱল ভাষাৰ অলঙ্কাৰ মাথোন। এই অলঙ্কাৰ বোৰ গুচাই যদি ভাষাক একেবাৰে উভ নাঙটা কৰা যায়, তেন্তে তাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৫
অৱয়ব