সাহিত্য বিচাৰ। ৪১৯ সদাই তাত মন দিলেহে, পিছে উপকাৰ পোৱা যায়। যদি সৰুৰে পৰা সাহিত্যৰ লগত একো সম্বন্ধ নাৰাখা, তেন্তে ডাঙ্গৰ হলে তাৰ ৰস কেনেকৈ বুজিবা? একেই সাহিত্য এটা জটিল বিষয়, তাতে যদি আৰৰে পৰা তাক হেলা কৰা যায়, তেনেহলে পিচে তাৰ সোৱাদ পোৱা বৰ অসম্ভৱ। কিন্তু নিচেই সৰুতে সাহিত্য শিকিবলৈ ধৰাও উচিত নহয়, কিয়নো তেতিয়া সিহঁতে বহুত কথাৰ অৰ্থকে বুজি নাপায় আৰু অৰ্থ বুজি পালেও কথাৰ ভিতৰ সোমাই তাৰ সাৰ বিচাৰি উলিয়াব নোৱাৰে। যেতিয়া বুদ্ধি পুৰঠ হয়, জটিল কথাৰ আঁত বিচাৰি উলিয়াব পাৰে, আৰু নীৰস বিষয়তো লাগি থাকিবলৈ আমনি নলগা হয়, তেতিয়াহে সাহিত্যৰ ফাললৈ মন দিয়া যুগুত। সাহিত্যত এবাৰ মন বহিলে আৰু শঙ্কা নাই। তাৰ সোৱাদ এবাৰ পালে পাহৰিব নোৱাৰি। সেই দেখিহে এজন কবিয়ে ঈশ্বৰত খাটিছিল, তেওঁক যেন এই পৃথিবীত আকৌ জনম দিয়ে; আকৌ যেন তেওঁ সাহিত্য সুধা পান কৰিবলৈ পায়। | সাহিত্যৰ সোৱাদ আন বিলাক মিঠা বস্তুৰ দৰে নহয়। আন আন বস্তুৰ সোৱাদ জিভাৰে পাওঁ আন বস্তুৰ ৰূপ চকুৰে দেখো। • কিন্তু সাহিত্যৰ সোৱাদ মুখৰ জিভাৰে নাপায়; তাক মনেৰে চাকিব লাগে, তেহে তাৰ ৰূপ বা সোৱাদৰ গম পোৱা যায়। সেই দেখি জিভ নেহোৱা মানুহেও সাহিত্যৰ ৰকম বুজিব পাৰে। কণাইও তাৰ ৰূপ দেখি ভোল যায়। সাহিত্য সম্ভোগৰ নিমিত্তে, বহুত ধন বিতত খৰচ কৰিব নালাগে বা দেশ এৰি বিদেশলৈকো যাব নালাগে। ঘৰতে বহি সেই পবিত্ৰ সুখ ভোগ। কৰিব পাৰি। আন সুখৰ অন্তত কেতিয়াবা দুখ মিলে, কিন্তু সাহিত্যৰ পৰা। যি আনন্দ পোৱা যায়, তাত বিষাদৰ অলপপ মিহলি নাই। সাহিত্য কেৱল সুখৰ ভৰাঁল। নন্দন কাননত যেনেকৈ দেৱতা সকলে অমৃত পান কৰি সকলো দুখ পাহৰে, সেই দৰে জ্ঞানী মানুহে সাহিত্য পঢ়ি বা সমালোচনা কৰি সংসাৰৰ চিন্তা পাহৰে, আৰু পৰম হৰিষে কাল নিয়ায়। জ্ঞানী লোকৰ পক্ষে সাহিত্য জিৰণি লোৱা ঠাই। আনবিলাক মানুহৰ যেতিয়া গৃহকৰ্ম্ম কৰি ভাগৰ লাগে, তেতিয়া তেওঁলোকে গীত, বাজনা বা আন কোনো ক্ষণস্থায়ী সুখৰ আশ্ৰয় লয়। কিন্তু জ্ঞানী লোকৰ ভাগৰ লাগিলে, সাহিত্য ৰূপ বিলাস বনত সোমাই, তাৰ নানা বিধ শোভ চাই চাই ভাগৰ পাহৰে। এই পৱিত্ৰ সুখ লভিবলৈ সকলোৱে যত্ন কৰা উচিত। কোন বাটে গলে এই সুখ লাভ কৰিব পাৰি তাক আমি ক্ৰমে দেখুৱাম। সম্প্ৰতি সাহিত্য কি বস্তু, কিহকনো সাহিত্য বোলে, তাৰ লক্ষণ কেনে, কোনে কি বস্তুৰে সাজিলে, কেতিয়া হল, আগেয়ে কেনে আছিল, এতিয়া কেনে হৈছে, আৰু
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮২
অৱয়ব