পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৬
অসমীয়া সাহিত্যৰ চানেকি।


প্ৰাণৰ সঙ্গিনী আছে
সন্তান কোলাত নাচে,
মুখত মধুৰ হাঁহি
সদাই ‘ন' নহে বাহি
গজেন্দ্ৰ গতিৰে চলে শৰীৰ দোলাই!
সুখ-সাৰ বাচি বাচি,
হাতে তুলি যাচি যাচি,
হেনয় প্ৰিয়াক দিয়া
জুড়াই তাপিত হিয়া!
অসাৰ চিন্তাত আছো মনক ডুবায়।


নকৰা সংসাৰ সুখ,
ধৰ্ম্ম কৰা যাব দুখ,
সংসাৰ ধৰ্ম্মৰ ঠাই,
মুনি সবে কয় ভাই,
ঈশ্বৰৰ নাম ধৰি জপা মালাগুটি।
দূৰ হব দুঃখ সব,
অন্তে স্বৰ্গলাভ হব,
সংসাৰ এৰিয়া যাবা,
( সুখ ভৰা ঠাই পাবা)
“ এটি ” হই যোগ ধৰা—নেবাঞ্ছিবা “ দুটি।’


দেখিছা ৰজাৰো দুখ,
কত নবাবৰ সুখ,
কেৰাণীৰ টিলিকিত,
ব্ৰহ্মাণ্ড যদি কম্পিত,
পলোৱা সংসাৰ এৰি অৰণ্যৰ মাজে