পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৭
সংসাৰ সুখৰ ঠাই।

নেবাঞ্ছিব তাৰ পদ,
লভিবাহা সুসম্পদ,
কেৰাণীৰ লেখনীত,
কেৰাণীৰ আঙ্গুলিত,
জি আছে, দূৰ হোৱা, পৰিবা সি ভাঁজে।


পায় যেনে লটা ঘটা,
আছে তেনে সুখ চটা
( কেৰাণীৰ দুখ ভাই
পোড়া পেট হন্তে পায় )
আজলি ভৰাই নিয়ে মাহ পূৰ হলে।
চকিত আউজি হায়
নিত্যে কেৰাণী ককাই
চকুৰ পলকে ভাই
কতনো “ খিতাব " পায়,
‘দেউতা’ ‘স্বৰ্গদেউ’ ‘প্ৰভু’ কত জনে বোলে।
ভৰিত কতয় ধৰে,
‘কেওঁ মেও’ কতো কৰে,
আনন্দে কেৰাণী বাবু
মন কৰে হাবু কাবু,
কেৰাণী নহলে কোনে হেন সুখ পায়?
জানিলে সকলো পায়,
নেজানিলে একো নাই,
জানিলে বুজিবা ভাই।
সংসাৰে সুখৰ ঠাই,
বহিব জানিলে মাটিতেই পীৰা পায়,
চাউলো জানিলে খাব চিৰা হই যায়॥

⸻⸺

৫৩