পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৫
সংসাৰ সুখৰ ঠাই।

ৰঙ্গা ৰদ ফেৰি ভাই
কিৰূপে পাহৰা যায়?
জুহালৰ জুই ফেৰি,
কেনেকই দিয়া এড়ি?
সুখ দুখ সমভাগে সংসাৰে সদাই।


সকলোৰে ভাগ্যে নাই,
মনে তাক পতিয়ায়,
মুখে কৰি “হায় হায়”
ৰাৱ কাঢ়ে সৰ্ব্বদাই
অসুখীয়া যত সবে সঁচা কথা ভাই,
কিন্তু “কিয়াবাত হাই
মজা কৰ দুনিয়াই”
কত জনে ৰিঙ্গিয়াই,
মন দিলে শুনা যায়,
সংসাৰত ভৰা সব, শুদা একো নাই।


কিনো নাই সংসাৰত,
ধন হয় পথাৰত,
শক্তি আছে শৰীৰত,
খেতি কৰা মনোমত,
খাই লই সুখ কৰা কেলেই কাতৰ?
ৰচনা ৰসাল কৰা
বিবিধ বস্তুৰে ভৰা,
বিচাৰি গোটাই লোৱা,
ভোকে পেট ভৰি খোৱা
সংসাৰে “সুখৰ সাৰ শহুৰৰো ঘৰ!”