পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৪
অসমীয়া সাহিত্যৰ চানেকি।

সংসাৰ সুখৰ ঠাই।

সংসাৰ সুখৰ ঠাই
যি বিচাৰা তাকে পায়,
দুঃখ চালে, দুঃখ পায়,
সুখৰো অভাব নাই
সংসাৰত একো নাই, বোলে নজনাই
কি বিষম কথা আই।
সংসাৰত সুখ নাই!
আকাশত সুখ পায়?
পাতাল সুখৰ ঠাই?
যমৰ যন্ত্ৰণা পুৰী নৰক নে ভাই?

সংসাৰে সুখৰ ঠাই,
ধুৰুপ জানিবা ভাই,
খঙ্গো আছে ৰঙ্গো পায়,
ৰোগৰো আছে উপায়,
মৃত্যু আছে মাৰে সঁচা, পুনু ওপজায়,
দুঃখ ভুঞ্জিলে এটাই,
এটাই বা সুখ পায়,
এটাই লভিলে ছাই,
আনেটাই ৰত্ন পায়,
বহুৰূপী সংসাৰ সুখৰ সাৰ ভাই!

বৃষ্টি পড়ে বাৰিষাই,
সদাই মাটি তিয়াই,
ৰদত পুনু শুকাই
পূৰ্ব্বৱত হই যায়,
সঁচা হয় জাৰকালি বৰ জাৰো পায়,