পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১১
গাঁৱলীয়া বোৱাৰী।

১৬
অসভ্যশাহুৰ গালি নীৰৱে শুনিছে,
জেশাহু ননন্দ মাত নীৰৱে সহিছে,
দুনাই উত্তৰ দিব।
টান কথা বা বুলিব,
সামান্য গতিকে মনে হেন ভাব নাই,
মৃদুভাবে সহি সহি সময় কটাই!

১৭
শহুৰক বুঢ়া ঠেৰা বুলি নিঘিণায়,
দুঃখত জীয়াৰী যেন বধূ শুশ্ৰুষায়।
গাঁৱলীয়া বোৱাৰীৰ,
শহুৰ আৰু শাশুৰীৰ,
বিপদে পুতউ কৰা কৰ্ত্তব্য কৰম।
অসভ্য গতিকে নাই অন্তৰে মৰম।

১৮
অসভ্য মুখৰ মাত কদাপি নুশুনি,
কথা কয় যেন তোমৰাৰ গুনগুনি।
সভ্য নহে শিক্ষা নাই,
তথাপি শিক্ষিতা আই,
গাঁৱলীয়া বোৱাৰীএ নাৰীৰ উত্তমা,
পতিব্ৰতা গ্ৰাম্য বধূ বুধ-মনোৰমা।


⸻⸻