পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
অসমীয়া সাহিত্যৰ চানেকি।

১২
দুঃখ দহনত হেন বোৱাৰী তনয়,
সুখীয়াৰ পুত্ৰৱত পীড়িত নহয়,
নিজৰ বাহুৰ বলে
উপাৰ্জ্জিয়া সুকৌশলে,
নিজৰ অধিনে থাকি বিপুল সুখেৰে,
সময় যাপয় নিন্দি পৰাধীন নৰে!
১৩
মাইকীৰ শিক্ষা নাই পুত্ৰো অশিক্ষিত,
অন্তৰ সাৰল্য-পূৰ্ণ চাতুৰী বৰ্জ্জিত!
শিক্ষাৰ কুতৰ্ক ৰাশি,
জীৱনৰ সুখ নাশি,
অন্তৰত নোসোমায় গ্ৰাম্য বোৱাৰীৰ,
আবুৰে ফুৰয় থাকে, নহয় বাহিৰ!
১৪
শিক্ষা নাই অন্তৰত বিলাস নেজানে,
বিলাসিনী নহয় দেখি এলাহ নেমানে,
সভ্যতা নেজানে একো
সামান্য পিন্ধন দেখোঁ,
কটিত মেখলা ডাঠ, শৰীৰত ৰিহা,
জোতা মুজা জাকেটৰ নেপাৱয় দিহা!
১৫
অজ্ঞানী বোৱাৰী ভাবে পতিএ ঈশ্বৰ,
জীৱনৰ ইষ্টগুৰু গৰাকী দেহৰ,
প্ৰিয়তম প্ৰাণনাথ
ইত্যাদি ললিত মাত,
সম্বোধনে কদাপিও ব্যৱহাৰ নাই,
ভয়তে চকুৱে চকু কদাপি নাচায়!