পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১২
অসমীয়া সাহিত্যৰ চানেকি।

পত্নী-বিলাপ।
মুক্তাৱলী ( অসমীয়া সুৰ )।

উঠা প্ৰাণেশ্বৰ, কৰিছোঁ কাতৰ
শ্ৰুতি সুখকৰ, শ্ৰীমুখৰ স্বৰ এ
কৰিয়া সাদৰ, শুনোৱা বাৰেক মোক।
চোৱা চকু মেলি, ৰোষ-ঠেস ঠেলি,
নকৰিবা বেলি, যাই প্ৰাণ গেলিএ
উঠি কৰা কেলি পাহৰোহোঁ যত শোক॥

অনাথিনী কৰি, কিবা দোষ ধৰি,
গৈলা পৰিহৰি, দাসী ৰৈলোঁ পড়িএ
বাৰেক সুৱঁৰি, কিয়নো নোচোৱা ফিৰি।
দিবস-শৰ্ব্বৰী, চিঁয়ৰি চিঁয়ৰি,
বোৱাৰী জীয়ৰী, বাগৰি বাগৰিএ
কান্দে সৰ সৰি, শুনি প্ৰাণ যায় মৰি॥

হেনয় নিদয়, নহবা বান্ধয়
কৰিছোঁ বিনয়, পৰাণে নসয়এ
হইয়া সদয়, বাৰেক দাসীক চাই।
সংসাৰত ময়, একেশ্বৰী হই,
পুত্ৰ কন্যা লই, কাৰনো আশ্ৰয়এ
লইয়া সময়, কটাম দিয়া উপায়॥

উঠা শীঘ্ৰ কৰি মাটিত বাগৰি,
নাথাকাহা পৰি চৰণত ধৰিএ
মাতিছোঁ পামৰী, উঠা উঠা মোৰ প্ৰাণ।
সুখতে বৰ্দ্ধিত, দেখো সুললিত,
কোমল তুলিত, শুইছিলা নিত এ
কিনো বিপৰীত, বিধি কৰিলি বিধান॥