পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৭
গাঁৱলীয়া বোৱাৰী।

চাতক চাতকী সুখে,
আকাশত উৰ্দ্ধমুখে,
জোনৰ বিমল কৰে শৰীৰ বুৰাই
জুৰাইছে মন প্ৰাণ
অমৃত কৰিছে পান,
নেত্ৰ ভৰি চোৱা সবে নয়ন জুড়ায়!

⸻⸻




গাঁৱলীয়া বোৱাৰী।

ফেচাই উৰুলি দিলে পূবে বগাডাঁৰ,
বাহিৰে পোহৰ কিন্তু ভিতৰে এন্ধাৰ,
কু-কু-কু-কু-কু-কু বুলি,
কুকুৰাই কণ্ঠ তুলি,
পুৱাল ৰজনী বুলি জগালে জগৎ,
গাঁৱলীয়া বোৱাৰীৰ আহলাদ মনত।

শীতৰ অমোঘ অস্ত্ৰ নিহালি পেলালে,
বুকৰ কেঁচুৱা এড়িলেক ডালে পালে,
বিসৰ্জ্জিলা এলাহক
সাপটিলা সুকাৰ্য্যক,
নিদ্ৰাগতা কাৰ্য্য-মূৰ্ত্তি যেন সাৰ পালে,
গৃহলক্ষ্মী সাৰ পালে অথবা কপালে!

হাতত বাঢ়নি লই চোতাল সাৰিছে,
বাহি চোতালত লোকে ভৰি দিলে পিচে
জানো অমঙ্গল হয়,
মনত সদাই ভয়,