পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৬
অসমীয়া সাহিত্যৰ চানেকি।

কপোত কপোতী দুয়ো-কণিক উমাই
মহা সুখে নিদ্ৰা যায়,
আনো পক্ষী সমুদায়,
কেৱল কোঢ়াল কৰে যতেক ফেঁচায়।
গালিকে পাৰিছে কিবা
মাত-বোল নুশুনিবা
আন পক্ষী সকলক শুনায় শুনায়?
প্ৰকৃতিৰ সুশোভন
মূৰ্ত্তি কৰি নিৰীক্ষণ,
আনন্দে মজিয়া কিবা ঈশ গুণ গায়?

যতেক জোনাকীকুল
আনন্দতে বিয়াকুল,
উড়ে ঘূৰি ঘূৰি ঘনে, উঠে ঘনে নাই;
জোনৰ জোনাক চাই
আপোনাকো পোহৰাই
নিজকো একণ জোন বুলি ওফোন্দায়!
পৰ্ব্বতৰ কেউ-কাষে,
উড়ি ফুৰে মহোল্লাসে,
দেখিলে সি সৌন্দৰ্য্যক মনত খেলায়,
প্ৰকৃতি-দেবীৰ খোপাত,
শোভা কৰে অসংখ্যাত
সোণৰ কুসুম যেন চকু চমকায়!

ধীৰ বায়ু ধৰে তান,
জিলীএ কৰিছে গান,
শুনি জগতৰ যেন প্ৰাণী সমুদায়,
মোহ গই নিদ্ৰা যায়,
কাৰে গাত তত নাই,
হাই-উৰমিৰে ভৰা বিশ্ব মৃতপ্ৰায়!