পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৫
দুপৰ-নিশা।


গৃহকৰ্ম্ম হাতসাৰি
যত বোৱাৰী জীয়াৰী,
সাধু কথা শুনি শুনি ভাগৰ পলাই,
কথা শুনা সাঙ্গ কৰি
বিবিধ মেলত ধৰি
লাহে লাহে তাগৰুৱা দেহক শুৱায়।
মাজে মাজে দুখীয়াই
সপনত ৰত্ন পাই
আনন্দত টোপনিতে হাহে মিটিকাই,
সাৰ পাই খেপিয়াই
হাত মেলি মেলি চাই
নেপাই একোকে শোকে বুকু ভুকুৱায়।

মাজে মাজে চেগ বুজি
বাৰে কাণে শুজি গুজি,
চুৰ কৰিবৰ মনে চোৰ বপুৰাই,
গৃহী সব শুইছেনে
সাৰে আছে, মনে-মনে
সহাৰি বুজিয়া ফুৰে আহে আৰু যায়!
চকুত টোপনি নাই
ফুৰে ধুম্ খুলিবাই।
কাক মাৰে কেনে কৰি চিন্তিছে উপায়,
প্ৰভু-ভক্ত ঢেকুৰাই
লগপালে প্ৰাণ যায়,
অৰ্থ আশা পৰি হৰি কতোবা পলায়।

গছৰ ডালত থাকি
ডৌকাৰ আড়লে ঢাকি,