পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৪
অসমীয়া সাহিত্যৰ চানেকি।

মাখিমৰা মসী-জীবী আমি,
কিহেৰে পূজিম বিশ্বস্বামি,
অন্তৰতো সাৰ নাই তাতে,
অসাৰ জীৱনো পৰ-হাতে,
পৰৰ কৃপাত কৰি জীৱনক-দান,
কষ্টে-সৃষ্টে দিন কাটোঁ-যুগৰ সমান।
হাতত হাঁহৰ পাখী লই,
ঘঁহি ঘঁহি মন-কথা কই,
অন্তৰৰ দুখীয়া ভাৱেৰে,
দুখী আমি পূজিম সাদৰে,
ইয়াত সন্তুষ্ট হই জগতৰ নাথ,
কাৰ্য্যত শকতি দিবা দৃঢ়তা কথাত।

⸻⸻


দুপৰ-নিশা।

কতো সাৰ-সুৰ নাই
জানিবা মৰাৰ প্ৰায়,
নিদ্ৰাৰ কোলত সব প্ৰাণী অচেতন।
নানাবিধ চিন্তা কৰি,
দুখীয়া শয্যাত পৰি
দুখীয়া গৃহস্থ শোৱে চিন্তাকুল মন।
মাজে মাজে ঘৈনী আই
কন্দা লৰা নিচুকায়,
টোপনি ভাঙ্গিব বুলি হৃদয়-ৰতন
পুত্ৰমুখে স্তন ধৰি
মুখে গুন্ গুন্ কৰি
গৃহস্থৰ পাশে শয্যা কৰিছে শোভন।