মোৱামৰীয়া-বিদ্ৰোহ। ৩৯৭ আদেশ মতে মোহনমালাদেউহে সিংহাসনৰ ন্যায্য অধিকাৰী, লক্ষীসিংহই তেওঁক ছাঁত পেলাই সিংহাসন গ্ৰহণ কৰাত যি অন্যায় আচৰণ কৰিছে, সেই অন্যাইৰ প্ৰতিবিধানেই এই যুদ্ধ যাত্ৰাৰ উদ্দেশ্য। এই বিলাকৰ ভুপাই বৰবৰুৱাই তেওৰ জোৱায়েক ডেকাফুনক সৈন্য কিছুমান দি, মোৱামৰীয়াৰ লগত যুদ্ধ কৰিবলৈ পঠালে। এই ডেকাফুকনৰ নাম কি কতে পোৰ। নগল। কিন্তু এওঁৰ লগত মোৱামৰীয়াহঁতৰ ঘোৰতৰ যুদ্ধ লাগে। মোৱামৰীয়াহঁতৰ দুৰ্দম্য প্ৰতুিশোধ তোলাৰ আশা, মোহনমালাদেৱক ৰাজ্যৰ পৰা খেদি তেওঁৰ ন্যায্য সিংহাসন কাঢ়ি লোৱাৰ কৈতৱ, ৰাজকীয় সৈন্যৰ মান মৰ্যাদা ৰক্ষা কৰাৰ নিমিত্তে প্ৰাণ পণ, এই এটাই বিলাক উত্তেজিনী প্ৰবৃত্তি লগ লগাত, ৰজাৰ নগৰৰ সন্মুখতে ভয়ানক ৰূপে যুদ্ধ হল। মোৱামৰীয়া খোৰামৰাণৰ ঘৈনীয়েকৰ নাম আছিল ৰাধাৰুক্মিনী। খোৰামৰাণে যুদ্ধলৈ অহাত এইকে। লগত লৈ আহিছিল। এই লগত, এইৰ পুতেক ৰমাকান্তও আহিছিল। যুদ্ধত এই তিৰুজনীয়ে, মোৱামৰীয়া পক্ষক বহুত সহায় কৰিলে। এই নিজ হাতে ধেনু, কঁাড় চলাবলৈ ধৰিলে। আহোমৰ সেনাবিলাকে কেতিয়াও ৰণক্ষেত্ৰত তিৰুক দেখা নাই। ৰাধাৰুক্মিনীক এই যুদ্ধ ক্ষেত্ৰত দেখি, সিহঁত স্তম্ভিত হল, তাতে তাই অসাধাৰণ নৈপুণ্যেৰে ধেনু, কাড় চলোৱা দেখি, ৰাজকীয় সৈন্যবিলাকৰ মহা ত্ৰাস হল। যুদ্ধত ৰজাৰ সৈন্য- বিলাকে বন্দুকৰ গুলি চলাইছিল; ৰাধাৰুক্মিনী বৰ চতুৰা আছিল, যুদ্ধৰ চাতুৰ্য্য জনাৰ গতিকে, তাইৰ গাত কোনেও হিলৈৰ গুলি লগাব নোৱাৰিলে। ইয়াতে ৰাজকীয় সৈন্যবিলাকৰ মাজত কোনোবাই ঢৌ তুলি দিলে যে ৰাধাৰুক্মিনীয়ে আচল পাতি বন্দুকৰ গুলি ধৰে; সাক্ষাৎ ৰণচণ্ডী ৰাধাৰুক্মিনী হৈ, আহোমৰ সৈন্যৰ লগত যুজ কৰিছেহি। এই কুসংস্কাৰমিশ্ৰিত ভয় পৰিব্যাপ্ত হৈপৰাত ৰজাৰ সেনা ভাগিবলৈ ধৰিলে। জোৱায়েক পৰাস্ত হোৱা দেখি বৰবৰুৱা নিজেই যুদ্ধলৈ ওলাল, কিন্তু মোহনমালাদেউক মোৱামৰীয়াৰিলাকৰ নায়ক দেখি ৰাজবংশৰ ৰক্তপাতত আশঙ্কা কৰি বৰবৰুৱাই যুদ্ধ,নকৰিলে। মোৱামৰীয়াবিলাকে ছল পাই বৰবৰুৱা, মাদুৰীয়াল বৰজনা গোহাই, ভগী বুঢ়াগোহাঁই, কেউজন ডাঙ্গৰীয়াকে বন্দী কৰি, পুৰণি আক্ৰোশ মিটাই, বৰবৰুৱাক সপৰিবাৰে, নচঁচা শালত দি বধিলে, আন আন ডাঙ্গৰীয়া বিলাককে আন আন উপায়েৰে বধ কৰিলে। এই যুদ্ধৰ পাচত, মোৱামৰীয়াবিলাকে লগ লাগি খোৰামৰাণৰ পুতেক মা- কান্তক আহোম সিংহাসন দিলে। ৰাঘমৰাণ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বিষয়ত বৰবৰুৱা হল। মোহনমালাদেৱে তাতে মৰাণাস্তিক বেজাৰ পাই কামৰূপলৈ গুচি
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬০
অৱয়ব