৩৯৬ অসমীয়া সাহিত্যৰ চানেকি। বিধান দি পাতিলে। এই ‘নগোঁসাই’ ৰাজ-গুৰু হোৱাত, মান মৰ্যাদাও আন আন মহন্তবিলাকতকৈ বেছি পৰিমানে পালে। আগৰ মহাজনৰ শাৰীৰৰ নহয়, নতুনকৈ পঢ়াশালিৰ পণ্ডিত এজন ৰাজ-গুৰু হৈ, আগৰ মহাজন বিলাককে মানমৰ্যাদাত চেৰ পেলোৱাত, সকলে মহন্তবিলাক জাঙ্গুল খাই উঠিল। তাতে ৰজাক নিৰ্ম্মালী দিবৰ সময়ত, মোৱামৰীয়া মহন্তে আন আন সমনীয়া মহন্তবিলাকৰ শাৰীত বহিবলৈ নেপাই অলপ অপমাননা পালে। এই সাতে পাচে মোৱামৰীয়া মহন্তই ৰজাক অলপ কিবাকিবি কলে। পেটে পেটে তেতিয়াৰে পৰা মোৱামৰীয়া মহন্তলৈ স্বৰ্গদেৱৰ কোপ হল। | এদিন স্বৰ্গদেৱে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ লগত চৰানাৱত উঠি ফুৰিবলৈ যায়। বৰবৰুৱা ৰজাৰ নাৱতে উঠি যোৱা নাছিল, তেওঁৰ নাও পিছত আছিল। মোৱামৰীয়া মহন্তই মহাৰাজ ফুৰিবলৈ যোৱা গম পাই, নিজৰ দোষৰ ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বুলি, ভাৰ ভেটি লৈ ৰজাক সাক্ষাৎ কৰিলেগৈ। ৰজাক সাক্ষাৎ কৰাত, এটা এনে নিয়ম আছে, যে অভ্যাগত মানুহবিলাকক ৰজাৰ খাটনীয়াৰ বা লগত থকা ডাঙ্গৰীয়াবিলাকে ভেটাব লাগে। মহাৰাজ ফুৰিবলৈ যাওঁতে লগত বৰবৰুৱা আছিল। মোৱামৰীয় মহন্তই ৰজাক দেখা কৰিবলৈ যাওঁতে, বৰবৰুৱাৰ আশ্ৰয়লৈ, ৰজাৰ গুৰিলৈ যাব লাগিছিল, তাকে নকৰাত বৰবৰুৱাই নিজক অপমান কৰা যেন। ভাবি, মহন্তক বহুত কদৰ্থনা কৰিলে। মহাৰাজ লক্ষীসিংহ নামমাত্ৰহে ৰজা, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰাজ্যৰ মূল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ক্ষমতালৈ ৰজাৰ ভয়। মহন্তক কদৰ্থন কৰাত স্বৰ্গদেৱ লক্ষীসিংহে চাই থাকিলে, একো নকলে। ফুলেশ্বৰী কুঁৱৰীৰ হাতত যি অপমান পাইছিল, সেই অপমান, সময়ৰ লগে লগে অলপ লঘু হৈ আহিছিল, কিন্তু বৰবৰুৱাৰ এই বিতণ্ডাত, মহন্তৰ অন্তৰত দুগুণ তেজেৰে প্ৰতিহিংসা জুই জ্বলিবলৈ ধৰিলে। সি বেলি যি কি নহওঁক, তেও ৰজাই অপমান কৰিছিল, সি সহনীয়, এই বাৰ, ৰজাৰ বিষয় এজনে ইমান কদৰ্থনা কৰিলে, ইয়াক কিন্তু সহ বৰ টান। মহন্তই সত্ৰলৈ গৈ নিজৰ শিষ্য বিলাকক সকলো কথা ভাঙ্গি কলেগৈ। শিষ্যবিলাকে নিজৰ গুৰুৰ প্ৰতিশোধ লবৰ। নিমিত্তে ঠায়ে ঠায়ে জুম বান্ধিবলৈ ধৰিলে। মোহনমালাদেৱ ইহঁতৰ সেনাবিলাকৰ নায়ক হল, আৰু নাহৰথোৰা আৰু ৰাঘমৰাণ নামেৰে মোৱামৰীয়া দুটা মোহনমালা দেৱৰ তলতে সেনাপতি হল। মোৱামৰীয়া বিলাকে জোং, যাঠি, ধেনু, কড়ি লৈ যুজলৈ আগ বাঢ়িল। সিহঁতৰ সেনাৰ সংখ্যা ১২০০০ মান হল। মহন্তই মোহনমালা। দেউক সেনা নায়ক কৰি, এনে এটা ৰৌঢ়ি তুলি দিলে, যে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৯
অৱয়ব