পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৮ অসমীয়া সাহিত্যৰ চানেকি। গল। তেওঁৰ লৰা এটিয়ে, ১৮৪১৪২ সনলৈকে কাশীত চৰকাৰৰ ঘৰৰ পেন্সন ভোগ। কৰি আছিল, তাৰ পাছত কি হল কব নোৱাৰি। মোৱামৰীয়াবিলাকে সিংহাসন দখল কৰিয়েই ৰাজ ভণ্ডাৰ লুটিবলৈ ধৰিলে। ৰাঘমৰণে ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ কুৱৰী মণিপুৰীয়া কুৰঙ্গনয়নীকে (বা মগলো কুৱৰী) এই সময়তে বন্দি কৰি নিয়ে। শ্ৰীযুত গুণাভিৰাম বৰুৱাই তেওঁৰ বুৰঞ্জীৰ ১৪২ পিঠিত লেখে, যে মোৱামৰীয়াবিলাকে মহাৰাজ লক্ষী সিংহক জয়সাগৰৰ দলত বন্দি কৰি থয়। কিন্তু গ্ৰন্থাৰত পায়, যে মহাৰাজ পলাই গৈ ওচৰৰ হাবিত লুকাই আছিল। ( জয়সাগৰৰ দলৰ ওচৰতত থাকিব পাৰে)। মোৱামৰীয়া বিলাকে ৰাণী জয়মতী কুৱৰীক বন্দীকৰে। কুৱৰীয়ে জানে মহাৰাজ কত পলাইছে, কিন্তু মোৱামৰীয়াহঁতক নকয়। মোৱামৰীয়াহঁতে কুৱৰীক নানাবিধ অমানুষিক অত্যাচাৰ কৰি, নানাবিধ ভয় দেখুৱাই সোধে, সতী, সাধ্বী, ৰাণীয়ে নিজৰ পতিৰ দুৰ্গতি হয় বুলি, তত্ৰাচ মোৱামৰীয়াহঁতক ৰজা লুকাই থকা ঠাইৰ কথা কৈ নিদিলে। এদিন মোৱামৰীয়াহঁতে জয়মতী কুঁৱৰীক বেতেৰে কোবাইছে। কুৱৰীয়ে যন্ত্ৰণা সহিব নোৱাৰি, চিতঁৰত দশোদিক খল লগাইছে; মহাৰাজে লুকাই থকা ঠাইৰ পৰা সকলো শুনিছে, আৰু শতবাৰ নিজৰ জীৱনক ধিক্কাৰ দি, নিজৰ মঙ্গহকে নিজে খাই শুনি আছে। মোৱামৰীয়াহঁতে সুধিছে, “ৰজা কত আছে ক, তোক একো নকৰোঁ,-নকলে কাটি কাটি কলাখাৰ ঘঁহিম, জীয়াই জীয়াই কুকুৰেৰে খুৱাম।” তত্ৰাচ সাধ্বী তিৰুতাই গিৰিয়েকৰ কথা নকলে। সকলো জ্বালা যন্ত্ৰণা নিজৰ শৰীৰতে ললে, তেও গিৰিয়েকক ৰক্ষা কৰিলে। সেই দিনা ৰাতি দুপৰ নিশা সকলল শুলে, মহাৰাজ লুকাই থকা ঠাইৰ পৰা ওলাই আহিল, আৰু সহ্য নহল, নিজৰ নিমিত্তে নিজৰ প্ৰাণাধিকা কুৱৰীক পাষণ্ড মোৱামৰীয়াহঁতে এনে অত্যাচাৰ কৰিছে, তিৰুতাৰ জীৱন দি, কিনি লোৱা জীৱনৰ মূল্য কি? ইয়াকে ভাবি জয়মতী কুৱৰীৰ ওচৰলৈ গল। কুৱৰীৰ প্ৰাণ ওষ্ঠাগত। মহাৰাজে জয়সাগৰৰ পৰা পানী নি কুৱৰীৰ মুখত দিলেগৈ, কুৱৰীৰ মুখত মাত ওলাল, চকু মেলি চাই দেখে, যাৰ নিমিত্তে ইমান যন্ত্ৰণা সহিছে, পাষণ্ড মোৱামৰীয়াহঁতৰ পৈশাচিক অত্যাচাৰকো তুচ্ছ কৰিছে, সেই মহাৰাজেই সমুখত। জয়মতী কুঁৱৰীৰ জীৱ উৰি গল। লাহে লাহে কবলৈ ধৰিলে “মহাৰাজ! ৰান্ধি বাঢ়ি নষ্ট নকৰিব। এই খিনি দিন গল, আৰু মই এটা দিন থাকিম, মোক কাইলৈ সিহঁতে নিশ্চয় মাৰিব; আজি আপুনি কেলেই মোৰ ইমান যন্ত্ৰণা ব্যৰ্থ কৰিবলৈ আহিছে। মই মৃত্যুৰ সময়ত আপোনাৰ শ্ৰীচৰণ (ৰজাৰ চৰণ ছুই) দেখা পালোঁ মোৰ এইয়ে পৰম ভাগ্য, কিন্তু আপুনি যাওক,