পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদানন্দৰ কলাঘুমটি। ৩৭ খাপৰিৰ আধ্যা পৰিবও পাৰে। চুৰিয়া চেলেঙ্গৰে থাকিলে ইংৰাজী কথাও নোলায়; তাৰ প্ৰমাণ দেখক, ময় বিলাতী সৰস্বতীক দেশী তিতাৰ দৰে আই বুলিছোঁ। তেওঁ শুনা হলে আজি সৰ্বনাশ। আকৌ ময় জোতা এড়িও তেওঁক স্তুতি কৰা নাই। এইবিলাক কাৰণত আজি ময় এটা আখৰকে লিখিব নোৱাৰিলোঁ, হাতৰ কলম হাততে থাকিল। লাগে যদি ভবিষ্যতে পঞ্চৰ সৰস্বতীৰ সাহায্যেৰে কেতিয়াবা কেতিয়াবা লেখিম। ময় এতিয়াই আসাম বন্ধুৰ সম্পাদক, লেখক, গ্ৰাহক, উপগ্ৰাহক আৰু নিন্দক—সকলোকে কই ৰাখে, তেওঁলোকে যেন মোৰ সৰস্বতীৰ কথাত বেয়া নাপায়; কিয়নো এওঁৰ নিচিনা হিতকাৰী কোনো নাই, আৰু “হিতং মনোহাৰি চ দুল্লভং ৱচঃ।” Now good bye ময় পাও ঐ সম্ভ্ৰম হবলৈ মহাশয়। আপোনা অধিকতম বাধ্য চাকৰ, স্যানন্দ। সদানন্দৰ নতুন অভিধান। জাননী।—এই নামে এখন অভিধান লিখিছোঁ। তাত সকলে নতুন কথাই হে থাকিব। তাৰ নিয়ম নতুন, অৰ্থ নতুন, ধাতু, প্ৰত্যয় আদি সকলো নতুন; কেৱল শব্দ বিলাক পুৰণি। আগেএ যি শব্দৰ যি অৰ্থ আছিল, এতিয়া শিক্ষা আৰু সভ্যতাৰ কোবত তাৰ সেই অৰ্থ নাই, এতেকে সদানৰ এই নতুন অভিধানৰ বড় আৱশ্যক হইছে, ইয়াকো সকলোৱে মানিব। যি নামানে, সি মুখ নাইবা কপটীয়া, এনে ভাল, উত্তম, উৎকৃষ্ট, সৰ্বাঙ্গ সুন্দৰ, দৰকাৰী, লাগতিয়াল, প্ৰয়োজনীয়, অত্যাৱশ্যকীয় অভিধান কোনেও কেতিয়াও লিখা নাই আৰু আগলৈকো লিখিব নোৱাৰে। এনে অভিধান নললে জন্মই বৃথা হব। অতএব হে অসমীয়া ভাই! তোমাৰ যদি মাতৃ ভাষালৈ মৰম আছে, ভাৰত উদ্ধাৰ কৰিবৰ ইচ্ছা আছে, পঢ়া মাত্ৰকে দিব্য চক্ষু পাব খোজা, তেনেহলে মোৰ এই অভিধান লোৱা। জগতৰ