পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ অসমীয়া সাহিত্যৰ চানেকি। উপকাৰৰ নিমিত্তে, ভাৰত উদ্ধাৰৰ উদ্দেশে ইয়াক ময় বিনামূল্যে দান কৰিছোঁ, কেৱল ডাক মাচুলৰ বাবত দুমাহৰ ভিতৰতে দিলে ১০, টকা আৰু তাৰ পাচত দিলে ২৫ টকা, লোৱা যাব। এই উত্তম ছেগ কেতিয়াও নেৰিবা। যি ইয়াতকৈ ভাল অভিধান জগতত আছে বুলি কব পাৰিব সি বটাস্বৰূপ এহেজাৰখন কিতাপ খনে ১৫ টকা ডাক মাচুলতে পাব। এতিয়া কাৰ্যাৰম্ভ কৰা যাওক, আনৰ নিচিনাকৈ তিলকে তালকৈ জাননী দি, লোকক ঠগা মোৰ স্বভাৱ নহয়। অভিধান আসাম বন্ধুত ছপা হলেই সকলোৱে জানিব পাৰিব, যে এনে বৃহৎ, এনে ডাঙ্গৰ এনে অজৰ, অমৰ, অটল, অবল, অজুৰ, অমোঘ আৰু অব্যৰ্থ অভিধান নহব সুপজিব। ইয়াৰ জক মাচুল শ্ৰীযুক্ত বাবু ঠগ চন্দ্ৰ ৰায় বাহাদুৰ সি, আই, এম, এস্ মহোদয়ৰ ওচৰলৈ পঠাব লাগে। জাননী খণ্ড ইমানতে খতম। “শিক্ষিত”—“শিক্ষা” (ধৰ্ম্ম নীতি আদি) ইত’ (গত) যাৰ পৰা, অৰ্থাৎ যাৰ পৰা হিন্দু ধৰ্ম্মৰ সকলো নীতি, সকলো সজ উপদেশ, সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ দূৰীভুত হইছে, নাইবা ‘শিক্ষা' (সভ্যজাতিৰ কুশিক্ষা) ‘ই’ প্ৰাপ্ত যাৰ দ্বাৰায়। ইংৰাজী প্ৰতিশব্দ, “ এডিউকেটে” Educated অৰ্থ— কিতাপ ভাৰ বোৱ। ইংৰাজী বকা, নিজ ভাষা পাহৰা, ঈশ্বৰৰ নামকে নুশুনা, নিজ ধৰ্ম্ম এৰা, পিতৃ-মাতৃ নমনা, ম্লেছৰ গোলাম, জন্মভূমিৰ কলঙ্ক, শাস্ত্ৰত গাধ, মুখত ব্ৰহ্মা, উপদেশত বৃহস্পতি, কাৰ্যত অসুৰ, দুৰ্বলী, অহঙ্কাৰী, সভ্য, বিবাদ প্ৰিয়, পণ্ডিতমন্য, ইত্যাদি ইত্যাদি প্ৰকাৰৰ এবিধ দুঠেঙ্গীয় প্ৰাণী। “ ৰিফাইন;” বা “ Refined ” ইংৰাজী শব্দ, এতিয়া দেশী ভাষাত চলিত হইছে; অৰ্থ,—খোৱাত বাছ নকৰা, সংসৰ্গত জাতি নমনা, নিজ ভাৰ্য্যা স্বাধীন কৰা, জাতি এড়া, ধৰ্ম্ম এড়া আদি কৰি কেতবিলাক ধৰ্ম্ম নীতি, আৰু সমাজ গৰ্হিত কাম আছে, সেই বিলাকলৈ যাৰ মনত অলপপা সঙ্কোচ নাই, সেইএ “ ৰিফাইন” বা শশাধিত মানুহ। সেইবিলাক সৎকাম কৰাত যি যিমান সাহ দেখাব পাৰে, সি সিমান বেচি “ ৰিফাইন্”। , “বাবু” বাব+উ, যাৰ বাব আছে। সেই বাববিলাক এই, চাকৰী, ইংৰাজৰ অনুকৰণ, স্বাধীন ব্যৱসায় এড়া, আপোন জাতিক ঘিণোৱা, কথাৰে আৰু কলমেৰে ভাৰত-উদ্ধাৰ কৰা ইংৰাজক গালিপৰা, মদখাই ধন উড়ৱা, পাৰে মানে ধুনম, দুখীয়াৰ ভেঁটি খোৱা, অসমীয়াৰ মূৰখোৱা, ভণ্ডামি, প্ৰতাৰণা, শপথ, ডাঙ্গৰ প্ৰতিজ্ঞা, মিছা কথা, আৰু ৰসিকালি। যাৰ মুখত সদাই ইংৰাজী কথা, ককালত অতি পাতল মলমলৰ ধুতি, মুখত মধু, পেটত বিহ, সেই জনেই বাবু। যি