অসমীয়া সাহিত্যৰ চানেকি। কাকতত খোচ মাৰিবলৈ কোনো বিষয় বিচাৰি পোৱা নাই। হে আই মাতৃ! মোক এটি বিষয় দিয়া। ময় স্বৰ্গ, মৰ্ত্য, পাতাল, তিনিও ভুবনৰ বিষয় বিচাৰি চালো, তেও এটাও ভাল নাপালোঁ। আজি বাৰ বা কি, তিথি বা কি, যোগিনী বা বহিছে কোন ফালে? ময় একো চাবলৈ নহল। হে আই! তুমি সকলো অমঙ্গল দূৰ কৰি এটি বিষয় দেখাই দিয়া। “স্বৰস্বতী, স্বৰস্বতী, কণ্ঠেকলাপী, ভোগে বিলাপী, মৰুৱাৰ চন্দন লোকে বোলে সৰস্বতী আমি বোলে আই, যিখিনি পাহৰে। দিবা সোৱৰাই।” এ আই! তুমি মোক লাগ দিবা। হে আই মাতৃ! তুমি মোৰ ওচৰলৈ আহ। তুমি বাল্মীকিৰ সৰস্বতী নাহিবা; কিয়নো এই সভ্য-যুগত তোমাৰ অলঙ্কাৰশূন্য শৰীৰ শোভা নাপায়। আকৌ তুমি কালিদাসৰ সৰস্বতীও নাহিবা; কিয়নো তুমি হেনো কুৰুচিৰে ভৰা, এই সুৰুচিৰ দিনত তোমাৰো মান নাই। তুমি ব্যাসৰ সৰস্বতীও নাহিব; কিয়নো তোমাৰ কথামতে যদি ময় এখন মহা যুদ্ধৰ কাব্য লেখো, তেন্তে ৰাজ্যৰ মাজত যুদ্ধ উত্তেজনা কৰা বুলি বগা ঘৰলৈ যাব লাগিব। এতিয়া আকৌ বিপদ! মাতো কোন জনা সৰস্বতীক? বাইৰণৰ ( Byron ) সৰস্বতী একা? নহয়; ডেকা বিলাকেভাল পালেও আদি ৰসৰ বাহিৰে তেওঁৰ আন ৰস প্ৰায় নাই। অৱশ্য বিলাতী সৰস্বতী লাগিব, দেশী সৰস্বতীৰে গা নয়। ৰব পালোঁ, পালোঁ, পঞ্চৰ সৰস্বতী, (Punch) পঞ্চৰ সৰস্বতী! এৰা এওঁৰে হে কাম সিধ হব। দেশী সৰস্বতীৰ এতিয়া মান কত? তেওঁলোকৰ পোন কথা শুনে কোনে? বিলাতী যি সকলো ভাল, দেশী যি সকলে বেয়া। সদানন্দৰ মতে, দেশী অসভ্য পানী বতাহ এড়ি, বিলাতী সভ্য পানী বতাহ কিনিবলৈ ধৰা উচিত। বিলাতী সৰস্বতীৰ গুণ ব্ৰহ্মাই চাৰি মুখেও কই শেষ কৰিব নোৱাৰে। হে পঞ্চৰ সৰস্বতী আই! তুমি আহ। আসাম-সমাজ এতিয়াও সভ্য হব নোৱাৰিলে; এতিয়াও বিলাতী পানী বতাহ, বিলাতী হেট, কোট, বিলাতী থানাৰ মোল নুবুজিলে। সদানন্দৰ পোন পোন উপদেশ কোনেও মুশুনে; অতএব হে, আই মাতৃ। তোমাৰ কৃপা নহলে আসামৰ উন্নতি নাই। তোমাৰ মূৰ্ত্তি দেখি যদি নপলায়, তেন্তে আসামৰ উপকাৰ হবই হব। তোমাক দেখি কোনো হাঁহে, কোনো। কালে; কিন্তু ইহা কন্দা দুইৰ উপকাৰ হয়। অতএব হে বিলাতী সৰস্বতী আই। তুমি মোক favour ( অনুগ্ৰহ) কৰা। সম্পাদক মহাশয়, আজি ময় বৰ বেয়া বেশেৰে আছোঁ; হে নাই, কোট নাই, চাহাবৰ বেশ একো নাই। চুৰিয়া চেলেজেৰে বিলাতী সৰস্বতীক সাক্ষাৎ কৰিলে তেওঁ যদি “ডেম নিগৰ নেটিভ” বুলি খকৈ উঠে, তেনেহলে মোৰ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৯
অৱয়ব