৫ সদানন্দৰ কলাঘুমটি। বছেৰেকত দুবাৰ কি এবাৰ মাথোন বৰ তমোময় হয়; গছ, পৰ্বত, গড়া, সকলোকে ভঙ্গি নিব খোজে। মোৰ উৎসাহ-পানীৰ ঢলে বছেৰেকত এবাৰ কি দুবাৰ; ময়গা তেতিয়া একে কোবতে আসামক সভ্যতা, আৰু উন্নতিৰ টিঙ্গত তুলি দিব খোৰ্জো, আনৰ দৰে পলমকৈ নাথাকে। পঞ্চম, সদানন্দে সকলো কাম মুখতে কৰে, দেশৰ উন্নতি কৰোঁতে অলপপ আহৰি নাপায়; কিন্তু হাতেৰে হলে কোনো কাম আৰম্ভ নকৰে। আৰু শেষ বা ষষ্ঠ কাৰণ, নিজ দেশৰ উন্নতি কৰিবলৈ কৰ্কালত কাপোৰ বান্ধি আৰু হাতত ভালুকাবাঁহৰ টাঙ্গোন লই ওলালে আসামৰ শত্ৰু, কিন্তু সদানন্দৰ অন্ন-পানীৰ গৰাকী সকলে বেয়া পাব। দেখক, বছেৰেকৰ ছয় ঋতুৰ ছটা কাৰণ লাগি আছেই আছে; এতেকে সদানন্দে কাকত লিখি আপোনাক ভালকৈ তৰাব, আপুনি আশা কৰক মাথোন। সি যি হওক, আপোনাৰ কথাত অমান্তি হলে etiquette (দস্তুৰ) ৰক্ষা কৰা নহয়, কেৱল এই নিমিত্তেই তলত কিছুমান কথা লিখিবলৈ আগ বাঢ়িলোঁ। আপুনি এই কথা কাকো নকব; কাৰণ ময় অসমীয়া ভাষা লেখা বুলি জানিলে, বঙ্গালী আৰু এঙ্গলে ইণ্ডিয়া বন্ধু বিলাকে মোক বৰ ঠাট্টা কৰিব। এনেবিলাক কাৰণ থকাতো যে ময় আপোনাৰ চিঠিৰ উত্তৰ দিলো, এই নিমিত্তে মোক thanks (ধন্যবাদ) দিব পায়; মোৰ নিচিনা অনেক ভদ্ৰলোকে চিঠিৰ উত্তৰ নিদি, নিজ dignity (সম্ৰম) ৰক্ষা কৰিছে, সি আপোনাৰ অবিদিত নাই। | এতিয়া লেখো কি?—“কলাঘুমটি? -নহয়, এইটো প্ৰায় সকলে অসমীয়াই জানে। “বিদেশীৰ অত্যাচাৰ?” তেনেহলে মোৰ চাউল মৰে। “ব্ৰাণ্ডীৰ সোৱাদ?” ইয়াক আৰ্য হিন্দুৰ কুলতিলক ব্ৰাহ্মণ সকলেহে ভালকৈ পাইছে। “ধৰ্ম্ম?” “ৰাম! ৰাম!” ধৰ্ম্ম বড় অপবিত্ৰ বস্তু। আজিকালি সভ্যতাৰ কোবত, বিজ্ঞান বা অজ্ঞানৰ বলত সকলোৱে ধৰ্ম্ম এড়িছে; প্ৰায় সকলো ঠাইৰে পৰা ধৰ্ম্ম বহিস্কৃত হইছে; দেখক ইস্কুলত ধৰ্ম্ম নাই, ধৰ্ম মন্দিৰতত ধৰ্ম্ম নাই; “ধৰ্ম্মৰ কথা লেখা নাযায়” এই বুলি জাননী নিদিলে, তোমাৰ কাকত কোনেও নলয়; যেই তুমি ধৰ্ম্মৰ কথা লিখিলা, তোমাৰ কাকত সকলোৱে পৰিত্যাগ কৰিবলৈ ধৰিলে, তোমাক পগলা বুলি গালি পাৰিবলৈ ধৰিলে। তেন্তে “ঈশ্বৰ?” তেওঁৰৰ দশা তথৈৱচ। মিলৰ (Mill) “মি’টো নৌপাওঁতেই যেয়ে মিলৰ নাম শুনিছে, | সেয়ে অনন্ত ঈশ্বৰৰ অন্ত পাই নাস্তিক হৈছে, আৰু মনে মনে ভাবিছে—“ময়ে এজন মিল।” তেন্তে এতিয়া লেখো কি? হে সৰস্বতী আই! এতিয়া লেখো কি? মোক এটা লিখিবলৈ বিষয় দিয়া। মই কাপত মহী ভৰাই ৰই আছে, ৪১
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৮
অৱয়ব