পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8: অসমীয়া সাহিত্যৰ চানেকি। কোনো চিঠি নিলিখিব; কাৰণ ময় চিঠিৰ কেতিয়াও উত্তৰ নিদিও; উত্তৰ দিলেই কাকত চলাওতাবিলাকে দাম সাধিবলৈ ছল পায়, আৰু মোৰ এটা পয়চা ভগন হয়। আৰু আপুনি যে মোক আপোনাৰ কাকত লই তাৰ বেচ দিবলৈ, আৰু মাহে মাহে তালৈ লিখিবলৈ কইছে, মোক ধৰুৱা পাইছে নেকি? লোকৰ লাভ হব, লোকৰ যশ হব, সদানন্দ আকৌ লেখি আৰু ধন ভৰি মৰিব কিয়? যশ আৰু লাভলৈ আশা থাকে যদি সদাই বিনা মূলে কাকত দান কৰিব; সদানন্দে কেতিয়াও ওভোতই নিদিয়ে। আইদেউ সকলৰ মাজত বহি, গলটো হেঁকাৰি হেঁকাৰি, হাতত বাতৰিকাকত লই, যেতিয়া তেওঁলোকে অৰ্থৰ ভেদাভেদ পাই, এটা কথাকে মুখে মুখে দহোটা কৰে, গাৱৰ তিৰুত। আটাইকেইজনীৰ পৰা নানা দৃষ্টান্ত দিবলৈ ধৰে, আচৰিত আচৰিত বাতৰি শুনি হাঁহিবলৈ ধৰে,আঃ! তেতিয়া সদানন্দৰ আনন্দ-সাগৰত তৰঙ্গ উঠে। আৰু কাকত নপঢ়িলে মানুহে ভেবা বোলে, enlightened ( শিক্ষিত) নোবোলে। এই দুই কাৰণত ময় অনেক বাতৰিকাকত লও, কিন্তু কাৰৰ বেচ নিদিও। এদিন “সুলভ সমাচাৰৰ” এজেন্টে ধন খুজিছিল, ময় উচিত উত্তৰ দিলোঁ, “যোৱাঁ, এক পয়চাৰ কাকতৰ দাম সাধিবলৈ আহিছ, মোৰ অলপীয়া ধন দিবলৈ লাজহে লাগে।” আসম নিউচৰ দাম পাঁচ টকা, তাকে৷ বৰ বেচি দেখি নিদিও। ন মাহ “ইণ্ডিয়ান মিৰৰ” লই এদিন এজন বন্ধুৰ দ্বাৰাই তাৰ ওপৰত Sadananda is dead, (সদানন্দ মৰিল ) এই কথা লেখাই ফিৰাই দিলে।। চৌধ বছৰ ‘আসাম বিলাসিনী’ পঢ়ি তাৰ পয়চা এটাও নিদিলো; কাৰণ গোঁসাইৰ প্ৰসাদ আমি এনেই পাব পাও। সি যি হওক, আপোনা নতুন কাকত-ডখৰ নিয়মিত সময়ত পঠাই থাকিলে বৰ বাধিত হম; লাগে যদি এফেৰা ধনকে দিম; নাইবা টকাৰ অভাৱত সি বন্ধ হলে বেচৰ কথা বিচাৰ কৰা হব। আৰু যে মোক লিখিবলৈ কইছে, তাৰ থাৱৰ উত্তৰ দিয়া মোৰ পক্ষে বৰ টান। তাৰ প্ৰথম কাৰণ, আপোনাৰ কাকত অসমীয়া,-নহয় বঙ্গল, নহয় ইংৰাজী; সদানন্দৰ মাতৃভাষা লেখা, কোৱা বা পঢ়া beneath his dignity, (বৰ অপমানৰ কাম )। দ্বিতীয় কাৰণ, ফু নাপালে যেনেকৈ তুহ-জুই নজলে, ব্ৰাণ্ডী নাপালে সদানন্দৰ প্ৰতিভা (আনৰ হলে বুদ্ধি ) নজলে, কানিটিকিৰাৰ জালত সদাই টলকা মাৰি পৰি থাকে; আৰু ব্ৰাণ্ডী নাখালে নোৱাৰ কৰিব, খালে নোৱাৰে। লৰিব, আৰু খাই শুলে জগাবও নোৱাৰে মোক। তৃতীয় কাৰণ, কুম্ভকৰ্ণ দু’মাহ শুইছিল কিন্তু সদানন্দৰ কলাঘুমটি বছৰেকত তেৰ মাহ নুগুছে। চতুৰ্থ সদানন্দৰ উৎসাহ পৰ্বতীয়া নৈৰ টলৰ পানীৰ নিচিনা। তাৰ ঢল।