সদানন্দৰ কলাঘুমটি। যাৰ যি কাম সহজ অৰ্থাৎ বোপ৷ ককাৰে পৰা লাগি অহা, (যেনে সদানন্দৰ সাত-পুৰুষীয়া কলাঘুমটি ) সেই কাম গৰ্হিত হলেও তাক এৰিব নাপায়; (তাৰ দৃষ্টান্ত দেখক)। বেদ পঢ়া বাপু সকলৰ মন দয়াৰে কোমল হলেও, তেওঁলোকে মহ, ছাগলি আদি পশু বলি দিয়াত বৰ নিদাৰুণ। কাৰ সাহ আছে, মোৰ কলা- ঘুমটিক “ৱিনিন্দিএ” বলে? ময় মুখেৰে বক্তৃতা দিবলৈ “ভাৰতৰ জয়, ভাৰতৰ জয় কৰি চিঞৰিবলৈ, আসামৰ উন্নতি কৰিবলৈ, অসমীয়া বাতৰি কাকতৰ সাহায্য কৰিবলৈ, আসামৰ পৰা অত্যাচাৰী বিদেশী বিলাকক “এক দমূসে নিকাল কৰি দিবলৈ”.. আনক উপদেশ দিয়াত এফেৰিও ত্ৰুটি নকৰে।। এই কথা সচা; কাৰণ, তাকে নকৰিলে মোক মানুহে enlightened civilized, patriot, ( শিক্ষিত, সভ্য, দেশ-হিতৈষী মহাত্মা) নুবুলিব, আৰু মান সৎকাৰ নকৰিব; তথাপি ময় আপোনালোকৰ নিচিনাকৈ মোৰ কলাঘুমটি নেড়ে। তাক এড়ি কামত ধৰিলে, মোৰ সাত পুৰুষে নকৰা কাম কৰা হব, বড়বাবু সকলেও কাম নিদিব, মোৰ ওপৰত কোৱা অময়া সুখৰ একধনিষ্ঠামানো নাথাকিব, আৰু মাজে মাজে হজুৰ। সকলৰ বলা বা তীৰ্থ দৰ্শন কৰি স্বৰ্গ লাভৰ বাট বন্ধ হব; এইৰূপে সদানন্দৰ ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুৰ্গৰ নাশ হব। উঃ! বুদ্ধি নাজানিলে ইংৰাজী শিকা কি বিপদ। তেন্তে পৰমানন্দৰ বিষয় এই, অধিকখিনি অসমীয়া সদানন্দৰ নিচিনা বুদ্ধিমন্ত, দুয়ো কূল আৰু চতুৰ্গ ৰক্ষা কৰিব জানে। সকলো কাম যিমান মুখতে কৰিব পৰা যায়, তিমান ভাল; হাতেৰে আৰম্ভ কৰিলেই লেঠা, চতুৰ্বৰ্গ নাশৰৰ আটক নাই। তাৰ প্ৰমাণ দেখক, আপোনালোকে প্ৰায় ছমাহ আৰম্ভ, ছোৱাষাঠি মোন কথা খৰচ, আৰু এশ মহী চুঙ্গা শুদা কৰি, যি কাকতখন উলিয়াবলৈ ধৰিছে, তাৰ দ্বাৰাই সদানন্দ, পূৰ্ণানন্দ, গজানন্দ, গাধান আদি কৰি কত আনন্দৰ কলাঘুমটি ভাঙ্গিব পাৰে; আৰু যদি নাভাগে, তেন্তে আপোনালোকেও কাকত কলম পেলাই আমাৰ লগতে কলাঘুমটিৰ ভাগ লব লাগিব। এই নিমিত্তে সদানন্দৰ পৰামৰ্শ এই, মুখেৰে যিমান পাৰে, তিমান কাকত বাহিৰ কৰক, কিন্তু হাতেৰে এখন নকৰিব; কৰিলেও কাকো লিখিবলৈ নামাতিব; মাতিলেও কাকো গ্ৰাহক নাপাতিব; আৰু গ্ৰাহক পাতিলেও কাকতৰ দাম নিবিচাৰিব। কাকত নুলিয়ালে যদি আপোনাৰ গ৷ নয়, কাকত উলিয়াওক, আৰু তাক পঢ়োঁতে কোনো লোক নাই যদি সদায় নিয়মিত সময়ত (অলপো পলম নকৰি) মোলৈ পঠাই থাকিব। সি ভাল হলে তাক পঢ়া যাব, আৰু কিছুমান নিন্দা কৰা যাব; বেয়া হলে মচলা বন্ধা হব, নাইবা চুৱা পাতনিত ঠাই দিয়া যাব। কিন্তু মোলৈ কাকতৰ সম্বন্ধে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৬
অৱয়ব