শকুন্তলা। ৩৭৫ ৰাজা—কেনেকৈনো গাৰ এই বিকাৰ হল : বিদূষক--কেনেকৈ হল? নিজেই চকু ঘোল কৰি, আকৌ চকু লেৰ কাৰণ | সোধা? ৰাজা—মই বুজাই নাই। বিদূষক—সমনীয়া, নৈৰ দাতিৰ বেত যে সেও হয়, সিনো নিজে ইচ্ছা কৰি হয়নে, নে নৈৰ সোঁতেহে তাৰ কাৰণ? ৰাজনৈৰ সেঁতেইহে তাৰ কাৰ। বিদূষক—মোৰৰ তুমি। ৰাজা—কেনেকৈ? বিদূষক --তুমি এই দৰে ৰাজ কায এৰি আহি এনেকুৱা নিজান আৰু ভয় লগা অৰণ্যত বনবাসীৰ বৃত্তি পৰি থাকিবহি পোৱানে? দিনে দিনে হিংস্ৰ জন্তুৰ পাচত খেদি ফুৰোতে, যোৰালৰি, মই সঁচাকৈয়ে গা লৰচৰ কৰিব নোৱৰা হৈছে; এতেকে জিৰাবৰ নিমিত্তে মোক এদিনমান এৰি গলেও বৰ অনুগ্ৰহ মানিম। ৰাজা-[ মনতে ] এওঁ এই দৰে কৈছে; মোবো কাশ্যপৰ জীয়েকৰ কথা মনত পৰি মৃগয়ালৈ অনিচ্ছা হৈছে। এই মৃগ বিলাকৰ লগত থাকিয়েই প্ৰিয়াই সুন্দৰ দৃষ্টি শিক্ষা কৰিছে; ধনুত গুণ আৰু শৰ লগাই লৈও সিহঁতক মাৰিবলৈ মোৰ ধনু ভিৰাবলৈ সৎ নেযায়। বিদূষক--[ ৰাজাৰ মুখলৈ চাই ] তুমি নো মনৰ ভিতৰতে কি আলচিছা? মই হাবিত কান্দিলো নেকি? ৰাজা—( হাঁহি ) আন কি হব?--মোৰ সুহৃদৰ বাক্য অলঙ্ঘনীয়, এই দেখি | মৃগয়ালৈ যোৱা এৰিছো। বিদূষক- চিৰজীৱী হোৱ।। ( যাব খুজি ) ৰাজা—সমনীয়া, ৰবা মোৰ কথাৰ অন্ত পৰা নাই। বিদূষক—আজ্ঞা কৰেক।। ৰাজা--তুমি জিৰণি লইছা; মোৰৰ এটা সহজ কামত সহায় হব লাগে। বিদূষক—কি মিঠৈ লাড়, খোৱাত? তেনেহলে এইজন বৰ উপযুক্ত লোক। ৰাজা---যত মই কম। কোন আছে ইয়াত? (প্ৰবেশ কৰি)
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৮
অৱয়ব