৩৭৪ অসমীয়া সাহিত্যৰ চানেকি। আৰু গছ পাত মিহলি হৈ কেহ হোৱা পানী খাব লাগে। খোৱা-বস্তুৰ ভিতৰত খৰিকা-দিয়া মঙ্গহেই সৰহ; তাকে অসময়ত খাব লগাত পৰে। ঘোড়াত উঠি ৰাজাৰ পাচে পাচে লৰি ফুৰাত গাৰ যোৰা লৰি যায়; বিষত ৰাতিও হেপাহ পলুৱাই শুব নোৱাৰে; আকৌ পুৱাও কোকমোকালিতে বেটীৰ পুতেক, চৰাইমৰীয়া হতে চৰাই বিচাৰি হাবিলৈ যাবলৈ কোঢ়াল, লগাই মোৰ টোপনিটো ভাঙ্গি পেলায়। ইমানতো তেও এতিয়াও দুখৰ অন্ত পৰা নাই; তাতে আকৌ গাঁড়ৰ ওপৰত বিহ-ফোহোৰা হৈছে। কালি হেনো আমি পাচ পৰি থকাত ৰাজাই পহু খেদি খেদি গৈ আশ্ৰমত সোমাই মোৰ দুৰ্কপালৰ গুণে, শকুন্তলা বুলি এজনী তপস্বীৰ ছোৱালী দেখি আহিছে, এতিয়া নগৰলৈ যাবলৈ এবাৰৰ মনত নাভাবে। আজি শকুন্তলাৰ কথা ভাবোতে ভাবোতে তেওঁৰ মেলা চকুৰেই ৰাতি পুৱাইছে। কি গতি! যি হওক, পুৱা কৰিব লগা কাম খিনিকে কৰোগ। ( অলপমান গৈ চাই ) প্ৰিয় সমনীয়াই হাতত কড়-ধনু লোৱা আৰু বনফুলৰ মল-পিন্ধা যৱনী- তিৰোতকিছুমান লগত লৈ ইয়ালৈকে আহিছে। বাৰু, হাত ভৰি কোঙ্গা হোৱা ভাও কৰি ৰৈ থাকেঁচোন, তেনেহলেও কি জানি জিৰণি পাওঁ। ( কাঠৰ লাখুটিত ভৰ দি থাকে)। ( তাৰ পাচত ওপৰত কোৱা লগৰীয়াবিলাকেৰে সৈতে ৰজাই প্ৰবেশকৰে )। ৰাজা—(হুমুনীয়া কাঢ়ি, মনতে ) প্ৰিয়াক সহজে পাব পৰা নহলেও মোৰ মনে তেওঁৰ অনুৰাগৰ পৰা হোৱা কাৰ্য আদি দেখিবলৈ বৰ উৎসুক হৈছে। আমাৰ মিলন নোহোৱাতো, দুইৰে প্ৰতি দুইৰে। ইচ্ছা থকাত, দুয়ো মনত বৰ ৰঙ্গ পাইছোঁহঁক। (মিচিকীয়াই হাঁহি ) যি এনেকৈ নিজৰ বাঞ্ছাৰ দৰে বাঞ্ছিত লোকৰ মনৰ ভাব অনুমান কৰি আশা কৰে, সি ঠগে। প্ৰিয়াই আন ফাললৈ চকুদিও যি স্নিগ্ধ দৃষ্টি কৰিছিল; নিতম্বৰ ভৰত তেঁও যে বিলাসীৰ দৰে লাহে লাহে গমন কৰিছিল; সখীয়েকে নেযাব বুলি আগছি ধৰাত, তেও খগেৰে যেনেকৈ উত্তৰ দিছিল, সেই সকলোবিলাক মই তেঁও মোকেহে লক্ষ্য কৰি কৰিছিল বুলি ভাবিছো। কি আশ্চৰ্য্য কামুক বিলাকে সকলোতে নিজৰ মনৰ ভাব দেখিবলৈ পায়। বিদূষক—[ হাত ভৰি কোঙ্গা হোৱাৰ ভাওকৈ থাকিয়েই ]। সমনীয়া! মোৰ হাত ভৰি জঠৰ হল; হাত আঁজলি কৰিব নোৱাৰি কেৱল বচনেৰেই আশীৰ্বাদ কৰে।।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৭
অৱয়ব