৩৭৬ অসমীয়া সাহিত্যৰ চানেকি।। দুৱৰী-[সেৱা কৰি] সৰ্গদেও আদেশ কৰোক। ৰাজা—ৰৈৱতক, সেনাপতিক মাতি আনচোন। দুৱৰী—ভাল সৰ্গদেও। [ বাহিৰলৈ গৈ সেনাপতিয়ে সৈতে আকৌ প্ৰবেশ কৰি ] এইয়৷ সৰ্গদেৱে আজ্ঞা দিবলৈ এই ফাললৈ চাই মুখ ডাঙ্গি আছে; ডাঙ্গৰীয়া ওচৰ চাপি যাওক। সেনাপতি—(ৰজাক দেখি) মৃগয়াত দোষ দেখোৱা হলেও, আমাৰ সৰ্গদেউত কেৱল গুণহে ধৰিছে; তত পৰ্বতীয়া হাতীৰ দৰে সদায় ধনুজ্জ্যা আস্ফালন কৰাত বলৱন্ত, পূৰ্বভাগ দৃঢ়, সূৰ্যৰ তাপ সহিষ্ণু, পৰিশ্ৰমতো ঘামশূন্য আৰু দীঘল, গতিকে ক্ষীণ হলেও, ক্ষীণ যেন নেদেখা—এনে শৰীৰ ধাৰণ কৰিছে। (ওচৰলৈ গৈ) সৰ্গদেউৰ জয় হওক। হাবিৰ কত কত পহু আছে, ছন্দা হল; কিয় আন কামত লাগি থাকিব লাগিছে? ৰাজামাধব্যে মৃগয়াৰ দোষ উলিয়াই তালৈ মোৰ উৎসাহ নাইকিয়া কৰিছে। সেনাপতি-[ কাণে কাণে ] সখি, তোমাৰ নিষেধ নেৰিবা। মই সৰ্গদেউৰ মনৰ ভাব অনুসাৰেই চলেচোন। (ফুটাই) এই ভোদা বিটলিয়াই যি ইচ্ছা তাকে বকোক। মৃগয়াৰ গুণৰ প্ৰমাণ দেখে। সৰ্গদেৱতেই পোৱা যায়। মৃগয়া কৰিলে গাৰ তেল কমি পেটটো সৰু হোৱাত শৰীৰ লঘু আৰু উদ্যোগ কৰিব পৰা হয়; ভয় আৰু ক্ৰোধৰ সময়ত জন্তুবোৰৰ মনত কেনে ভাব হয়, তাকে। জনা যায়; আৰু যদি গৈ থকা লক্ষ্যত শৰ লাগে, তেনেহলে সেয়ে ধনু-ধাৰী বিলাকৰ প্ৰশংসা; এতেকে মানুহে মিছায়েই মৃগয়াক ব্যসন বোলে; এনেকুৱা আমোদ কত আছে? বিদূষক–তেওঁ আজি সুস্থিৰ হৈছে। তই হলে কেতিয়াবা বিয়ে হাবিয়ে ফুৰোঁতে, মানুহৰ নাক খাবলৈ বিচাৰি ফুৰা বুঢ়া ভালুকৰ মুখত পৰিবি গৈ। ৰাজা—সেনাপতি, আমি আশ্ৰমৰ ওচৰত আছোঁহঁক; এই নিেিত্ত তোমাৰ কথাত মাস্তি হব নোৱাৰিলোঁ। আজিচোন মহববাৰে শিঙ্গেৰে পানী কোবাই কোবাই নিজানত পৰি থাকোক; বৰা গাহৰীবোৰে নিঃশঙ্ক মনে শুকান পুখুৰিবোৰত আলু খানি খাওক; আৰু গুণ গুচাই দিয়াত মোৰ এই ধনু খনেও জিৰণি লওক। সেনাপতি, তেনেহলে বনৰ জন্তুবোৰ পলাই বুলি বেৰি থাকিবলৈ যোৱা মানুহবোৰক ওলোটাই আনা। আৰু মোৰ সেনাবোক নিষেধ কৰি দিয়া, সিহঁতে যেন তপোবনৰ কোনো উপদ্ৰৱ নকৰে। দেখা পোধন সকল শান্তি-গুণ-প্ৰধান হলেও তেওঁলোকৰ শৰীৰত দাহাত্মক তেজ লুকাই আছে;
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৯
অৱয়ব