তেবে তিৰিগণ কৈলা উৰুলিৰ ধ্বনি।
দুৱাৰ ধৰিয়া কান্দে ৰাণী সুবদনী॥
মিলি যত সখিগণ কৰি সুমঙ্গল।
দময়ন্তী সমে উপস্থিত সভাস্থল॥
স্বৰ্ণ চতুৰ্দ্দোলে চড়ে নল মহামতি।
সখীগণ বামে বৈসাইলেক দময়ন্তী॥
মিনতি কৰিয়া ৰাজা জামাতাক মাতি।
কহিবে নপাৰে তাৰ হিয়া যায় ফাটি॥
শুনা মহামতি নল জামাতা আমাৰ।
আজি ধৰি দময়ন্তি দাসী ভৈলা তোৰ॥
তোৰ চৰণত আঙ্ক কৈলো সমৰ্পণ।
বহু দোষ ক্ষমি তাত কৰিব পালন॥
আলসুৱা কন্যা মোৰ নোহয় চতুৰ।।
মোৰ মুখ চাহি দোষ ক্ষেমিবা ইহাৰ॥
হেনমতে বহুতৰ বোলে ভীমৰায়।
শোকে গদ গদ হিয়া লোহ বহিযায়॥
ৰাজমন্ত্ৰী প্ৰতি ৰাজা বুলিলা বচন।
যৌতুকৰ দ্ৰব্য তুমি আনা এতিক্ষণ॥
সহস্ৰেক হস্তী আনা সাজ সমন্নিতে।
অযুতেক ঘোড়া আবে আনাহ ত্বৰিতে॥
সালঙ্কৃতা সহস্ৰেক দাসী দিবে লাগে।
গৰু মহ পালে পালে আনা মোৰ আগে॥
আনো ধন ৰত্ন যত আছয় ভণ্ডাৰে।
অৰ্দ্ধভাগ কৰি তুমি আনাহা সত্বৰে॥
অৰ্দ্ধৰাজ্য দিবো মই দমইৰ যৌতুকে।
শুনি মন্ত্ৰী চলি গৈলা পাৰম কৌতুকে॥
হাতী, ঘোড়া, ৰথ, দাস, দসী অগণন।
হীৰ মৰকত আৰু প্ৰবাল কাঞ্চন॥
সঙ্গে লৈয়া নল ৰাজা মহাৰঙ্গ মনে।
চতুৰ্দ্দোলে চড়ি যাই দময়ন্তী সঙ্গে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪১
নলচৰিত্ৰ।
৮১