ৰূপে গুণে বলে বীৰ্য্যে ভুবনে অতুল।
ইন্দ্ৰ আদি দেৱে যাক নোহে সমতুল॥
সত্যবাদী জিতেন্দ্ৰিয় মৰ্য্যাদা সাগৰ।
নবীন বয়স যেন পূৰ্ণ শশধৰ॥
হেন স্বামী লভি আছা পূৰ্ব্ব পুণ্যফলে।
আপোন যৌবন দিয়া বঞ্ছিবা কুশলে।॥
পতিব্ৰতা নাৰীক ডৰয় ত্ৰিজগত।
সুৰাসুৰ নাগ নৰ হোৱে ভয়ে ভীত॥
ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰো হিয়া কপি যায়।
সতী যদি কদাচিত ক্ৰোধযুতা হয়॥
শ্বশুৰ শাশুৰী আদি যত গুৰুজন।
ভক্তিভাৱে সবাৰো তুষিবা তুমি মন॥
দাস দাসী আদি যত লিগিৰী লস্কৰী।
সবাহাঙ্কো মিষ্ট বাক্যে তুষিবা সাদৰী॥
হেনমতে বুজাইলা যত বৃদ্ধাগণ।
দময়ন্তী মুখ চাহি বিষাদিত মন॥
তেবে নাৰীগণ আনি বস্ত্ৰ অলঙ্কাৰ।
পিন্ধাইলা অতি যত্নে দেখি চমৎকাৰ॥
আচুৰীয়া চুলিতাৰ খোপাক বান্ধিলা।
মালতী চম্পাৰ চাকি তাতে পিন্ধাইলা॥
সেঁওটা ফালিয়া দিল সিন্দুৰৰ ৰেখা।
জ্বলিল মেঘত যেন ৰামধনু ৰেখা॥
কপালত পিন্ধাইলা কুঙ্কুম সিন্দুৰ।
অগৰু চন্দন গাৱে লিপিলা প্ৰচুৰ॥
কণ্ঠত পিন্ধাইলা মণিময় ৰত্নহাৰ।
সৰ্বাঙ্গ ঢাকিয়া পিন্ধাইলেক অলঙ্কাৰ॥
হেন কালে দাসী আহি বুলিলা বচন।
ৰজা পঠাইলেক মোক দেখি শুভক্ষণ॥
যাত্ৰাৰ সময় আসি ভৈল উপস্থিত।
কন্যা লৈয়া যাব লাগে সভায় ত্বৰিত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪০
অসমীয়া সাহিত্যৰ চানেকি।