এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪২
অসমীয়া সাহিত্য চানেকি।
স্বদেশক গৈয়া ৰাজা পৰম কৌতুকে।
দ্বাদশ বৎসৰ ৰাজা বঞ্চে মহাসুখে॥
কতো দিনান্তৰে ৰাণী গৰ্ভৱতী ভৈলা।
যথাকালে মহাসতী পুত্ৰ প্ৰসবিলা॥
কন্দৰ্প জিনিয়া পুত্ৰ ৰূপৰ আধাৰ।
পুত্ৰমুখ দেখি ৰাজা আনন্দ অপাৰ॥
ইন্দ্ৰসেন নাম ৰাখে কৰিয়া যতন।
বিপ্ৰগণে দিলা ৰাজা বহু ধন সোণ॥
তদন্তৰে আৰু এক কন্যা জন্ম ভৈলা।
ইন্দ্ৰসেনী নাম ৰাজা যতনে ৰাখিলা॥
দিনে দিনে বাঢ়ে দুই যেন চন্দ্ৰ কলা।
দেখি ৰাজা ৰাণী ভৈল আনন্দতে ভোলা॥
পুত্ৰ কন্যা পালে ৰাণী কৰিয়া যতন।
ৰাজ কাৰ্য্য কৰে ৰাজা স্থিৰ কৰি মন॥
পুত্ৰৱতে পালে প্ৰজা ধৰ্ম্ম কৰ্ম্মে ৰত।
ৰোগী দুঃখী নাই কোনো নলৰ ৰাজ্যত॥
আপোন স্বধৰ্ম্ম ৰাজা পালি নিৰন্তৰ।
ৰাজ্যক শাসিয়া সুখ ভুঞ্জয় অপাৰ॥
নলৰ কথাক আবে এহি মানে থও।
দেৱগণে যি কৰিলা বিবৰিয়া কওঁ॥
⸻