ক্ৰমে ক্ৰমে আসি মিলিলেক যত নাৰী।
চুবুৰীয়া সম্বন্ধীয়া জীয়ৰী বহাৰী॥
বৃদ্ধাগণে বোলে মাৱ দময় সুভাগী।
আশিৰ্ব্বাদ কৰোঁ হেৰা স্বমীৰ সুৱাগী॥
হৰ গৌৰী বসতি কৰোক ভগৱতী।
অচিৰতে আই যেন হোৱা পুত্ৰৱতী
পতিৰেক গুৰু স্ত্ৰীনাং বোলে মুনিগণ।
নাৰদৰ মুখে আমি কৰিছোঁ শ্ৰৱণ॥
এতেকে স্বামীসে গুৰু নাহি আত বিনে।
নলৰ চৰণ তুমি সেবা ৰাতি দিনে॥
নিদ্ৰা আলস্যক তুমি দূৰতে ত্যজিবা।
এক চিত্ত মন হুয়া স্বামীক ভজিবা॥
স্বামী যদি ছপৰাক সোণ বুলি কয়।
নুহি বুলি প্ৰত্যুত্তৰ দিবে নলাগয়॥
যেই সব কাৰ্য্যে স্বামী সন্তোষ পাৱয়।
প্ৰাণ পণে যত্ন কৰি কৰিবে লাগায়।
যেই কাৰ্য্যে মাও অসন্তুষ্ট জানা স্বামী।
কদাচিতো হেন কাৰ্য্য নকৰিবা তুমি॥
কটু কথা কদাপি নোবোলা স্বামী পাশ।
নকৰিবা স্বামী নিন্দা আৰু উপহাস॥
স্বামীৰ সুখতে সুখ তান দুঃখে দুঃখ।
বঞ্চিবাহা এহি মতে ত্যজি নিজ সুখ॥
সুমধুৰ বাক্যে সদা স্বামীক তুষিবা।
ভোজনৰ সামগ্ৰিক নিজে তুলি দিবা॥
তামোল যোগাইবা সদা পদতলে বসি।
স্বামী যদি ক্ৰোধ কৰে থাকিবাহা সসি॥
তোৰ ভাগ্যে পাই আছ নল মহামতি।
পৃথিবী যুড়িলে যাৰ অক্ষয় কীৰিতি॥
কন্দৰ্পৰ ৰূপ যিনি সুকোমল কায়।
অপেশ্বৰীগণে যাক দেখি মোহ যায়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৯
নলচৰিত্ৰ।