.৬৭ শকুন্তলা। অনসূয়া-বাৰু ( ঢিলাই দিয়ে )। প্ৰিয়ম্বদা—তুমি দুঃখ পোৱাৰ বাবে পয়োধৰ-স্থূলকাৰী নিজৰ যৌৱনক গালি পাৰা। . ৰাজা-বাকলিৰ কাপোৰ শকুন্তলাৰ নৱ-যৌৱনৰ অযোগ্য হলেও তাৰ দ্বাৰায় যে তেওঁৰ অলঙ্কাৰ পিন্ধাৰ শোভা হোৱা নাই, এনে নহয় পদুম ফুলত শেলাই | লাগি থাকিলেও সি সুন্দৰ, চন্দ্ৰত কলঙ্ক থকাতো সি সুশোভিত আৰু এই কৃশাঙ্গী বল্কলৰ দ্বাৰায়ো মনোহাৰিণী, যি স্বভাৱতে সুন্দৰ তাৰ পক্ষেনন কি অলঙ্কাৰ নহয়? শকুন্তলা—এই পুলি-বকুল-গছজুপিৰ পাতবোৰ বতাহত এনে দৰে লৰিছে যেন সি আঙ্গুলি মেলি মোকহে বেগাই মাতিছে। যাও, তাৰ কথা ৰাখে। (বকুলৰ গুৰিলৈ যায়)। প্ৰিয়ম্বদা—শকুন্তলা সখি! এই খিনিতে তুমি এখন্তক ঠিয় হোৱাচোন, তুমি ওচৰত থকাত এই পুলি-বকুল-গছজুপি এডাল লতাৰে সৈতে লগ-লগাৰ দৰে দেখাওক। শকুন্তলা—এই নিমিত্তেই তুমি প্ৰিয়ম্বদা। ৰাজা—প্ৰিয়ম্বদাই কোৱা কথা অপ্ৰিয় হলেও সঁচা। শকুন্তলাৰ তল-ওঠটি লতাৰ কুঁহি পাতৰ দৰে ৰঙ্গা, হাত দুটি কোমল-শাখা তুল্য, আৰু সৰ্বাঙ্গত ফুলৰ | নিচিনা মনোহৰ যৌৱন বিকশিত হৈছে। অনসূয়া--হেৰা শকুন্তলা সখি! আম গছক স্বামী বৰা, আৰু তুমি বনজ্যোৎস্না নাম দিয়া এই নৱমালিকা জুপি পাহৰিলা দেখো? শকুন্তলা—তেনেহলে নিজকে পাহৰিম। [ ওচৰলৈ গৈ নৱমালিকালৈ চাই ]। সখি! বৰ ভাল সময়তে এই তৰু-লতা হালৰ মিলন হৈছে। বনজ্যোৎস্নাই নতুন ফুল-ৰূপ যৌৱন পাইছে, আৰু নতুন পাত মেলাত আম-গছে। উপভোগৰ উপযুক্ত হৈছে। [ চাই ৰৈ থাকে ]। প্ৰিয়ম্বদা—অনসূয়া, জানিছানে, শকুন্তলাই বনজ্যোৎস্নাক ইমানকৈ কিয় চাইছে? অনসূয়ানাই জনা, কোৱাচোন। প্ৰিয়ম্বদা—বনজ্যোৎস্নাই যেনেকৈ তাইৰ যোগ্য গছক লগৰীয়া পাইছে, ময়ো যেন সেই দৰে মোৰ যোগ দৰা এজন পাম;-এই নিমিত্তে। শকুন্তলা—এইটো নিশ্চয় তোমাৰ নিজ মনৰ বাঞ্চা। [ পানী দিবলৈ কলহ তল- মু কৰি ]।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০
অৱয়ব