৩৬৬. অসমীয়া সাহিত্যৰ চানেকি। | তেও দেখে মোৰ সোঁহাতটো লৰিছে। তাৰ ফল যে স্ত্ৰী-লাভ, সি ইয়াত কেনেকৈ হব পাৰে? নাইবা যি অৱশ্যে হব লগা, তাৰ উপায় সৰ্বত্ৰতে আছে। (নেপথ্যত)। | এই পিনে, এই পিনে, সখিত। ৰাজা—(কাণ দি ) আহ! এই নিকুঞ্জৰ দক্ষিণ ফালে কথা-পতা যেন শুনিছে; যাওচোন্। (অলপ গৈ চাই) আহা! এই তপস্বী কন্যা কেইটিএ নিজৰ জোখাই কলহ লৈ গছৰ পুলিত পানী দিবলৈ এই ফাললৈকে আহিছে ( ভালকৈ চাই) আহা! এওঁলোকৰ দৰ্শন কেনে প্ৰীতিকৰ! আশ্ৰমৰ ছোৱালীৰ, যদি মোৰ অন্তঃপুৰতে দুৰ্লভ, এনে সুন্দৰ শৰীৰ হল, তেনেহলে নিশ্চয়ে বনৰ লতাৰ ৰূপৰ ওচৰত মোৰ ফুলনি বাৰীৰ লতা পৰাজিত হব লগা হল। এই ছাঁতে ৰৈ এওঁলোকক চাই থাকোচোন। (চাই ৰৈ থাকে)। ( তাৰ পাচত ওপৰত কোৱা দৰে সখীয়েকহঁতে সৈতে শকুন্তলাই প্ৰবেশ কৰে ) শকুন্তলা—এই পিনে, এই পিনে, সখিহঁত।। অনসূয়া—হেৰা শকুন্তলা সখি। মোৰ মনেৰে হলে তোমাতকৈ আশ্ৰমৰ এই গছ পুলিবোৰহে পিতা কাশ্যপৰ বেচি মৰমৰ বস্তু। চোৱাচোন, তুমি নৱমালিকা ফুলৰ নিচিনা সুকোমল হলেও তোমাক তেও ইহতৰ গুৰিত পানী দিবলৈ লগাইছে। শকুন্তলা—কেৱল পিতাৰ আজ্ঞা এনে নহয়, ইহঁতলৈ মোৰ আপোন ভাইৰ দৰে চেনেহ লাগে। (পানী দিয়ে)। ৰাজা—এওএইনে সেই কম্ব ঋষিৰ কন্যা। পূজ্য কাশ্যপ বৰ অবিবেচক, যে এওঁক আশ্ৰমৰ কামত লগাইছে। যি এই স্বভাৱতে সুন্দৰ শৰীৰক তপস্যা কৰিব পৰা কৰিব খুজিছে, তেওঁ নিশ্চয়ে নীলোৎপল ফুলৰ পাহিৰে শমীধ গছৰ ডাল কাটিবলৈ পুৰুষাৰ্থ কৰিছে। সি যি হওক, এওবিলাকে নিঃশঙ্ক মনে কি কৰে, গছৰ আঁৰতে লুকাই চাই থাকে। | [ সেই দৰে থাকে।] শকুন্তলা—(গছৰ গুৰিত পানী দিবলৈ এৰি) অনসূয়া সখি! প্ৰিয়ম্বদাই বল্কল খান মোৰ গাত বৰকৈ আঁটি বান্ধিলে; দুখ পাইছোঁ ঢিলাই দিয়াহি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯
অৱয়ব