৩৬৮ . অসমীয়া সাহিত্যৰ চানেকি। ৰাজা-কি জানি এওঁ কুলপতিৰ অসবৰ্ণ ভাৰ্যাৰ গৰ্ভত হোৱা? নাইবা সন্দেহ কৰাৰ সকাম নাই; এওঁ নিশ্চয়ে ক্ষত্ৰিয়ক বিয়া কৰিব পাৰে; কিয়নো মোৰ সত মনত এওঁৰ প্ৰতি অভিলাষ জন্মিছে। সন্দেহান্বিত বিষয়ত সাধু সকলৰ মনৰ ইচ্ছায়েই সন্দেহ ভঞ্জন কৰে। তথাপি এওঁৰ বিষয় ঠিককৈ জনা যাওক। শকুন্তলা (ব্যগ্ৰ ভাৱে) ঔ আই! গাত পানী পৰাত খঙ্গ উঠি এই ভোমোৰাটোএ নৱমালিকাক এৰি মোৰ মুখলৈ খেদি আহিছে। ( মোেৰা খেদোৱাৰ ভাও কৰে )। ৰাজা হাবিয়াস কৈ চাই ) অনেক বাৰ তুমি শকুন্তলাৰ চঞ্চল চকু স্পৰ্শ কৰিছা; কাণৰ ওচৰলৈ গৈ সৰু সৰু কৈ গুন্ গুনাইছা, যেন কিবা গুপ্ত কথাহে পাতিছা; হাতেৰে দূৰৈলৈ খেদালেও তুমি তেওঁৰ সকলো সুখ সম্ভোগৰ সাৰ-স্বৰূপ অধৰ পান কৰিছা; অতএব, হে মধুকৰ! তুমিয়েইহে কৃতী! মই তেওঁৰ আগ-গুড়ি বিচাৰিবলৈ খাপ লওঁতেই মৰিলোঁ। শকুন্তলা—এই দুষ্ট ভোমোৰাটোএ নেৰে, আন ঠাইলৈ যাওঁ। ( এখোজ গৈ ভোমোৰাটোলৈ চাই ) কিয় আকৌ ইয়ালৈকো আহিছে : হেৰা, দুষ্ট ভোমোৰাটো মোক ব্যাকুল কৰিলে, ৰক্ষা কৰ। হি। দুয়ো-(হাঁহি ) আমি ৰক্ষা কৰিবৰ কোন? দুষ্যন্তক মাতা; ৰাজাইহে তপোবন | ৰক্ষা কৰিব পাৰে। ৰাজা—এইয়ে গা দেখা দিবৰ সময়। ভয় নাই, ভয় নাই। [ আধা কোৱা কৈ | মনতে ] অ! মোক ৰাজা বুলি জানিব। বাৰু, এই দৰেই চিনাকি দিও। শকুন্তলা—( এখোজ গৈ ৰৈ চাই ) কিয় মোক ইয়ালৈকে খেদি আহিছে? ৰাজা—(বেগতে ওচৰ চাপি) দুষ্টৰ দমন-কৰোঁতা পৌৰৱে পৃথিবী শাসন কৰি | থাকোতেও কোনে মুগ্ধা তপস্বী কন্যাবিলাকৰ প্ৰতি এনে অশিষ্টাচাৰ কৰিছে? [ ৰাজাক দেখি তিনিও জনে অলপ চক খায় ) অনসূয়াডাঙ্গৰীয়া, একো বৰ ভয় পোৱা নাই; কেৱল এই আমাৰ প্ৰিয় সখীক | ভোমোৰা এটাই খেদি ব্যাকুল কৰিছিল। [ শকুন্তলাক দেখাই দিয়ে ]। ৰাজা—( শকুন্তলালৈ-মু কৰি ) কেনে, তপস্যাৰ বৃদ্ধি হৈছেনে? শকুন্তলা—[ ভয়ত নিমাত হৈ ৰয় ]। অনসূয়া হয়, এতিয়া আপোনাকে অতিথি পোৱাত। হেৰা শকুন্তলা, কুটীৰলৈ | যোৱ, ফলে সৈতে অৰ্ঘ্য আনাগৈ; এই কলহৰ পানীয়েই পাদোদক হব।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩১
অৱয়ব