মঙ্গল কৰিলা আসি যত নাৰীগণ।
বেদমন্ত্ৰ উচ্চাৰিলা যত বিপ্ৰগণ॥
খোল ঢোল মৃদঙ্গ বাজয় কৰতাল।
শঙ্খ কাঁহ ঘণ্টা বাজে মহা গণ্ডগোল॥
বাজে বাঁহী বীণা আৰু ডবা জয় ঢাক॥
বাদ্যৰ শব্দত স্তব্ধ ভৈলা দেৱঝাক॥
দুই অক্ষৌহিনী সৈন্য সঙ্গতে সাজিলা।
চালি ধৰে চেৱে চেৱে চলিবাক লৈলা॥
অযুতেক হাতী চলে পৰ্ব্বত সমান।
এক লক্ষ তুৰুক-চোৱাৰী বলবান॥
গায়ন বাদন আদি যত বাদ্য দেখা।
অগণিত চলে সবে কোনে কৰে লেখা॥
যোজনৰ পথ জুৰি চলে যাত্ৰীগণ।
কাৰো মাত কেঁওএ কতো নকৰে শ্ৰৱণ॥
হেন মতে আসি উপনীত সিংহদ্বাৰে।
ৰজক বাতৰি গৈয়া দিলেক যে চৰে॥
দুৱাৰে আসিয়া বৰ ভৈলা উপনীত।
মুখ্য সেনাপতি আৰু ইষ্ট মিত্ৰ যত॥
প্ৰত্যেকে আদৰে বৰে আগ বাঢ়ি যায়।
ক্ৰমে পঞ্চ দ্বাৰ এড়ি ষষ্ঠত আসয়॥
শুনি আনন্দিত ৰাজা চলিলা আপোনে।
আগবাঢ়ি আনিবাক লৈয়া বিপ্ৰগণে॥
গন্ধ পুষ্প ধূপ দীপ পুষ্পমালা লৈয়া।
জামাতাক বিধিমতে আদৰিলা গৈয়া॥
তিৰীগণে সুমঙ্গল অনেক কৰিলা।
নাম উৰুলিৰ শব্দে গগণ ভেদিলা॥
সুৱাগুৰি তুলিবাক সঙ্গ নাৰীগণ।
চতুৰ্দ্দোলে চড়ি ৰাণী কৰিলা গমন॥
স্ত্ৰী-আচাৰ যত কৰ্ম্ম কৰি সমাপন।
গন্ধ মাল্য দানে ৰাণী আদৰে তেখন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৬
অসমীয়া সাহিত্যৰ চানেকি।