বহুৰত্ন ধন ৰাজা ব্ৰাহ্মণক দিলা।
মহানন্দে বিপ্ৰগণে বেদ উচ্চাৰিলা॥
হৰিধ্বনি কৰিলন্ত যত প্ৰজাগণ।
আনন্দৰ কোলাহলে ভেদিল গগণ॥
হেথা নল নৰপতি নগৰ বাহিৰে।
নিজ দলবল লৈয়া আনন্দ অন্তৰে॥
আত্মীয় বান্ধবগণ কুল পুৰোহিত।
নিমন্ত্ৰিয়া আনিলন্ত যেমন বিহিত॥
কুলাচাৰ বেদাচাৰ স্ত্ৰী আচাৰ যত।
বেঢ়ি কুটুম্বৰ ঝাকে কৰে যথোচিত॥
হৰিদ্ৰা মাখিয়া মিলি কুল নাৰীগণ।
সুবৰ্ণ ভৃঙ্গাৰে স্নান কৰাইলা তেখন॥
ভুঞ্জাইলা সবাহাঙ্কো যত পাৰে মানে।
তুষিলা ব্ৰাহ্মণগণে নানাবিধ দানে॥
পৰদিন প্ৰভাততে নল গুণৱান।
স্নানকৰি নিত্য কৰ্ম্ম কৰি সমাপন॥
ঘোড়শ মাতৃৰ পূজা কৰি বিধিমত।
নান্দীমুখ শুদ্ধি কৰে বেদৰ বিহিত॥
দধি দুগ্ধ ঘৃত মধু আনে ভাৰে ভাৰে।
পিঠা পৰমান্ন নানাবিধ উপহাৰে॥
ভুঞ্জাইলা নিমন্ত্ৰিত যত যত প্ৰাণী।
খোৱা খোৱা লোৱা লোৱা এহি মাত্ৰ শুনি॥
বস্ত্ৰ অলঙ্কাৰ আৰু বহু ধন সোণ।
যোগ্যমতে জনে জনে কৰিলন্ত দান॥
সাজ অলঙ্কাৰ ৰাজা কৰে পৰিধান।
শৰীৰৰ কান্তিত জোনাক সভাখন॥
কেঙ্কোৰা দোলাত চড়ি নল মহামতি॥
কন্যাৰ গৃহক তেবে চলে হৃষ্টমতি॥
বৰযাত্ৰীগণ সবে আনন্দে বিভোৰ।
দুই দণ্ড বেলা যেবে গগণ উপৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৫
নলচৰিত্ৰ।