সভামধ্যে আসি নল বসিলা আসনে।
বৰণ কৰিলা ৰাজা আনন্দিত মনে॥
কুল-পুৰোহিত বিধি মাতিবাক লৈলা।
বিধিমতে নল তেবে কুশণ্ডি কৰিলা॥
অন্তেষ পুৰত বসি যতেক কামিনী।
ফোট ৰেঘা বস্ত্ৰ অলঙ্কাৰে কন্যাখানি॥
সজাইলন্ত মিলি যত্নে জীয়ৰী বহাৰী।
বিজুলী চমক যেন দমই সুন্দৰী॥
হৰ্ষ বিষাদিত ৰাণী সঙ্গে নাৰীগণ।
জীয়াৰীক নিলা জামাতা বিদ্যমান॥
বেদ মন্ত্ৰ উচ্চাৰিলা যত বিপ্ৰগণ।
মুখ চন্দ্ৰিকাক তেবে কৰিলা ভঞ্জন॥
সাতবাৰ প্ৰদক্ষিণ কৰি ৰীতিমতে।
কন্যাক বৈসাই নিয়া নলৰ বামতে॥
বৰ কন্যা দোহে যেবে বসিলা সভাত।
অনঙ্গ বিৰজে যেন ৰতিৰ সহিত॥
কুশ, তিল, গঙ্গোদক, আৰু দুৰ্ব্বা কল।
আসন স্বাগত পাদ্য অৰ্ঘ আৰু জল॥
দধি দুগ্ধ ঘৃতৰ সহিত মধুপৰ্ক।
বসন ভূষণ দিয়া পূজিলা নলক॥
বিধিমতে সালঙ্কৃতা কৰি কন্যাধন।
সত্য অঙ্গীকাৰে ৰাজা কৰিলা অৰ্পণ॥
আতপৰে নাৰীগণ কৰয় কৌতুক।
সহস্ৰেক দাসী ৰাণী উৎসৰ্গে যৌতুক॥
হাতি ঘোড়া গৰু মই অযুতে অযুত।
কন্যাৰ যৌতুক ৰাজা উৎসৰ্গ বহুত॥
গো, ভূমি, কাঞ্চন আৰু বসন ভূষণ।
যৌতুক উৎসৰ্গে মিলি যত বন্ধুগণ॥
অছিদ্ৰ বাচন কৰি সূৰ্য্য অৰ্ঘ্য দিলা।
সুবৰ্ণ দক্ষিণা দিয়া ব্ৰাহ্মণে তুষিলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৭
নলচৰিত্ৰ।