সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৪
অসমীয়া সাহিত্যৰ চানেকি।

নানা সুমঙ্গল কৰে যতেক কামিনী।
উৰুলি দিলেক মিলি দুই তিনিজনী॥
দুনৰী কান্ধত লৱে কতো নাৰীগণ।
দুৰ্ব্বাক্ষত সিঞ্চে কতো আতি ৰঙ্গমন॥
বাদ্যকৰগণ সবে বাদ্যক বজাই।
ঢোল মৃদঙ্গৰ শব্দে কাণ ফাটি যাই॥
গায়ন বায়ন আৰু কালীয়া নৰ্ত্তক।
ৰঙ্গে ঢঙ্গে চলে সবে পানী তুলিবাক॥
হাতী ঘোড়া চলে সঙ্গে নযাই গণন।
মহানন্দে নাচে গাৱে যত প্ৰজাগণ॥
শাৰি শাৰি কল আনি পথত ৰোপিল।
থৰে থৰে তাতে সব পুষ্প মালা দিল॥
সুবৰ্ণ ভৃঙ্গাৰে ৰাণী জল তুলি আনি।
স্নান কৰাইলন্ত দময়ন্তী সুবদনী॥
সাতপাক প্ৰদক্ষিণ কৰি বেইখান।
স্বৰ্ণপাটে তুলি কন্যা কৰাইলন্ত স্নান॥
দশকুড়ি জনা মিলি সুললিত ৰাৱে।
আতি উত্ৰাৱল গাৱ, ৰঙ্গে নাম গাৱে॥
মঙ্গল আচৰে কত কৰে নানামত।
বাজিছে শঙ্খৰ ধ্বনী আতি সুললিত॥
যথা বিধি স্ত্ৰী আচাৰ কৰি সমাপন।
আপুনি মলছে ৰাণী দমইৰ বদন॥
পিন্ধাইল সোণোৱালী বস্ত্ৰ বিতোপন।
নানাবিধ অলঙ্কাৰ কি কৈবো কথন॥
হেনকালে অস্তাঙ্গত ভৈলা দিবাকৰ।
কুল পুৰোহিত আসি মিলিলা সত্বৰ॥
অধিবাস কৰি ৰাজা শুভক্ষণ জানি।
বামাগণ মিলি দিয়ে উৰুলিৰ ধ্বনি॥
পৰদিন প্ৰভাততে উঠি নৰপতি।
নান্দীমুখ শ্ৰাদ্ধ আদি কৈলা সমাপতি॥