পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰ্ণকান্ত,দেৱ শৰ্মা।

নলচৰিত্ৰ।

দময়ন্তীৰ বিবাহ।

নলক বৰিল পতি দেখি ৰাজাগণ।
যাৰ যেই দেশে গৈলা বিষাদিত মন॥
ভীম নৰপতি ভৈলা আনন্দে মগন।
বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ॥
বাদ্যকৰগণ ৰাজা ডাকিয়া আনিলা।
বিহাৰ সামগ্ৰী যত একত্ৰ কৰিলা॥
নিৰ্ম্মাইলা সভাখন আনি খনিকৰ।
ফটিকৰ স্তম্ভ আনি দিলা থৰে থৰ॥
একক্ৰোশ স্থান জুৰি ঘচে সভাখন।
কনক ৰজতে চিত্ৰ বিচিত্ৰ নিৰ্ম্মান॥
নানা ৰত্নে বিৰচিলা যেন দেৱপুৰি।।
ৰতনে মণ্ডিত তাহে গৃহে শাৰি শাৰি॥
মণিময় দীপগণ জ্বলে থানে থান।
কোটী সূৰ্য্য জিনি আলো নযাই বৰ্ণন।
তাৰ পাশে হোমঘৰ কৰিলা নিৰ্ম্মান।
ফটিকৰ বেদী কৈলা হোমৰ কাৰণ॥
বেইঘৰ নিৰ্ম্মাইলা কৰিয়া যতন।
দেখি আনন্দিতা ভৈলা যত নাৰীগণ॥
শুভক্ষণ দিনে তেবে কন্যাক আনিলা।
গন্ধতৈল হৰিদ্ৰাক ঘঁসি নোঁৱাইলা॥
আতি ৰঙ্গমনে ৰাণী চতুৰ্দ্দোলে চড়ি।
জল আনিবাক গৈলা তিৰীগণে বেঢ়ি॥