পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৩০ : অসমীয়া সাহিত্যৰ চানেকি। ' তেতিয়া পোক পৰুৱাৰ ও শৃগালাদিৰ ভোজ হলহেঁতেন। এতিয়া ই আমাৰ উপকাৰত আহিছে। প্ৰভো! আপোনাৰ জীৱ সমূহৰ মঙ্গল, বিধান আপোনাৰ ইচ্ছাধীন। এতেকে, আমাক এই নিশংসতা পাপৰ পৰা মুক্তি দিয়া ইত্যাদি। হিন্দুমতে সৃষ্টৰ আদিৰে পৰা অন্তলৈকে এই সময়টিক চাৰিভাগ কৰে। (১) সত্যযুগ, এই কালত ভক্তিয়েই ঈশ্বৰ সেৱাৰ প্ৰধান উপায় (২) ত্ৰেতাযুগ; ইয়াত জ্ঞানেই মুক্তিৰ উপায়, (৩) দ্বাপৰযুগ; যজ্ঞ বলিদান আদি, (৪) কলিযুগ দান ও নাম। ইয়াৰ পৰাই দেখা যায় যে এই সময়ৰ ৩য় ভাগতে পশুমেধ বা বলিদানৰ প্ৰথা ওলায়, এই পশু মেধাদিৰ কথা ৰামায়ণ আৰু মহাভাৰতত ভালকৈ বৰ্ণনা কৰা আছে। তাত দেখা যায় যে ক্ষত্ৰিয় বিলাকেহে পশুবধ কৰিছিল। অৰ্থাৎ ক্ষত্ৰিয় বিলাক যুজাৰু আছিল, যুজৰু বিলাকৰ আনতকৈ মাছ মাংসৰ আৱশ্যক বেচি আছিল। | আদিতে এই বলিদান বৈদিক মতে আছিল। সেই সময়ত এই বলিদান প্ৰথমতে নিয়ম মতে ঈশ্বৰক প্ৰাৰ্থনা স্তুতি কৰি পশুটি মৰা হয়, তাৰ পাচত তাক ৪ ভাগ কৰা হয়। ১ম, ভাগ ইন্দ্ৰাদি দেৱতা সকলক দিয়ে দেৱতা সকলৰ হৈ গলে, ২য় ভাগ ঋষি পুৰোহিত সকলক দিয়ে; ৩য়, ভাগ সমজুৱাৰ আৰু ৪ৰ্থ ভাগ গিৰিহঁতৰ। বৈদিক বলিদানৰ পৰা স্পষ্ট দেখা যায় যে সেই পশুটি আমাৰ আজি কালি ধাৰণাৰ মতে কোনো দেৱতাক উছৰ্গি দিয়া নহয়। মাত্ৰ বধৰ পাতকৰ পৰা ৰক্ষা পাবৰ কাৰণে ঈশ্বৰক স্তুতি মিনতি কৰি লয়। বধকৰাৰ পাছত হে ইন্দ্ৰাদি দেৱতাক ভাগদিয়া হয়, আৰু সেই বৈদিক মন্ত্ৰ বিলাকত আজিকালিৰ দুৰ্গা, কালি আদি দেৱতাৰৰ নাম পোৱা নেযায়। ইয়াত প্ৰথমতে অগ্নি দেৱতাক ভাগ দিয়ে। তাৰ মন্ত্ৰটিৰ অৰ্থ এই, “হে অগ্নি, মোৰ এই যজ্ঞলৈ তোমাক নিমন্ত্ৰণ কৰিছোঁ, নিমন্ত্ৰণ গ্ৰহণ কৰি তোমাৰ নিমিত্তে পাৰি থোৱা আসনত বহি অনুগ্ৰহ কৰি তৃপ্তি পূৰ্বক ভোজন কৰি, মোৰ প্ৰতি যেন সুপ্ৰসন্ন হোৱা।” এই দৰেই ঋষি পুৰোহিত সকলক আৰু সমজুৱা সকলকে। | এই খিনিতে আৰু এটি কথা, কোনো কোনো ঋষিয়ে দেৱতাক শাপ দিয়া শুনিবলৈ পোৱা যায়; কিন্তু কোনো দেৱতাই ঋষিক শাপ দিয়া শুনিবলৈ পোৱা বৰ টান। দেৱতা সকলে যজ্ঞৰ ঠাইতে বহি তেওঁলোকৰ ভোগ খাইছিল। (মহাভাৰতত যুধিষ্ঠিৰৰ ৰাজসূয় ও বসুদেৱেৰ দান যজ্ঞাদি চোৱা) ইয়াৰ পৰা এনে অনুমান হয় যে ইন্দ্ৰাদি দেৱতাসকল কোনো সেই নামৰ বিজ্ঞ মহাতেজস্বী মহা- পুৰুষ আছিল। তেওঁলোেক সামান্য গুণত থাকি, সাধাৰণ জনতকৈ অত্যাধিক শ্ৰেষ্ঠ