'হলিৰাম মহন্ত। বিশ্বদৰ্পন। বলিদান। হিন্দুজাতি অতি প্ৰাচীন কালৰ সভ্যতাৰ সময়ত নিৰামিস ভোজী আছিল। প্ৰাণী হিংসা কৰা তেওঁলোকৰ স্বভাৱ নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্তনত লাহে লাহে শিক্ষিত যযাগী সকলৰ বাহিৰে সকলোৱে মাছ মাংস খাবলৈ ধৰিলে। আৰু মাংসৰ নিমিত্তে প্ৰাণী বধ ইমান বেচি হব ধৰিলে যে, এই অত্যাচাৰ ঋষি সকলৰ অসহ্য হৈ উঠিল। গতিকে তেওঁলোকে অনেক কমে এই জীৱ বধৰ পাতেক গুচাবলৈ চেষ্টা কৰি, শেষত ইয়াক বাধা দিয়া অসম্ভৱ দেখি, যাতে প্ৰাণীবধ কম হয়, তাৰ নিমিত্তে ভাবি চিন্তি এই বলিদান বা পশু মেধৰ নিয়ম উলিয়ালে। এই বিধানত তেওঁলোকৰ উদ্দেশ্য আছিল :—পাশব বৃত্তি চৰিতাৰ্থৰ নিমিত্তে য’তে ততে যেতিয়াই তেতিয়াই যাতে নৃশংসৰূপ যাতনাদি পশুবধ অধিক পৰিমাণে নহয়। এই নিয়মৰ পৰা হল কি, যে কোনোৱে মাংস খাবৰ ইচ্ছা কৰিলে বলিদান দিব লাগিব। জানিবা এটি ছাগলি আনিলে, তাক বলিদান মতে খাবলৈ হলেই তাৰ লগত উপসৰ্গিক আৰু অলপ খৰচ লাগিব ২৪ জন মানুহ গোটাব লাগিব। এভাগি পূজাৰ প্ৰয়োজন। ইয়াত তিনিটি উপকাৰ (১) লগৰুৱা খৰচৰ ভয়ত বা অভাৱত কেতিয়াবা পশু বধৰ ইচ্ছা হলেও বাধা জন্মে; (২) মনত এটা ধৰ্ম্ম ভাৱ; এই ভাৱৰ পৰা প্ৰাণী হিংসাৰ ইচ্ছা কম হয়; (৩) জনদিয়েক বন্ধু বান্ধৱৰ সৎসঙ্গ, আৰু তেওঁলোকেৰে মিলি আনন্দ উপভোগ কৰা। পশু মেধৰ মন্ত্ৰত আছে :হে প্ৰভো সকলো জীৱ অপোনাত উৎপত্তি, আপোনাতে লয়, আপোনাৰ ওচৰত সকলো সমান; এনেস্থলত এই জীৱটি আমাৰ ইন্দ্ৰিয় লালসাৰ নিমিত্তে বধ কৰা নিতান্ত অন্যায়। কিন্তু অৱস্থাত পৰি, নকৰি নোৱাৰাত পৰিছোঁ। আপোনাৰ সংসাৰ চলিব লাগে, এতেকে বাধ্য হৈ এই পশুটি মাৰিবলৈ আগ বাঢ়িছে। এই পাতকৰ পৰা যেন আমাক ৰক্ষা কৰা, আৰু জীৱটিৰো যেন সঙ্গতি হয়। এই পশুটিয়ে এদিন নহয় এদিন এই শৰীৰ বিনষ্ট কৰিবই।।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯২
অৱয়ব