৬৩১ বিশ্ব-দৰ্পণ। আৰু তেওঁলোকৰ অলৌকিক ডাঙ্গৰ ডাঙ্গৰ কাৰ্যৰ বাবে পূজ্য বা পূজনীয়।' হিন্দুজাতিৰ কৃতজ্ঞতা গুণ বৰ বেচি; আৰু এই জাতি কেতিয়াও অকৃতজ্ঞ হব। নোখোজ; মই যাৰ ওচৰত কৃতজ্ঞ, যাক পূজা কৰোঁ, মোৰ সন্তান সন্ততিয়ে পুৰুষে পুৰুষে তেওঁক পূজাকৰিবই। এনেকৈয়ে ইয়াৰ পৰাই দেৱতা পূজাৰ উৎপত্তি যেন অনুমান হয়। আৰু এটি কথা দেখা যায় যে, মই ইন্দ্ৰক পূজে, ইন্দ্ৰয় আকৌ তেওতকৈও ডঙ্গৰ দেৱতা শিব-বিষ্ণুক পূজে, শিব-বিষ্ণুৱে ও আকৌ এজন ঈশ্বৰক পূজে। ইয়াৰ পৰায় অনুমান হয় যে দেৱতা আৰু মনুষ্যজাতিৰ পাৰ্থক্য, গুণৰ হীন-ডেঢ়িৰ (বেচিৰ) পৰা। বৈদিক বলিদানৰ পৰা দেখা যায় যে পশুবধ ঈশ্বৰৰ সন্তুষ্টিৰ বাবে নহয়, নিজৰ সন্তুষ্টিলৈহে। ইয়াৰে পৰা লাহে লাহে মানসিক অৱনতিৰ লগে লগে পৌৰাণিক নিয়ম ওলায়। পুৰাণ মানেই পুৰণি কথাৰ ইতিহাস বা বৰ্ণনা। আলোচনা নথকাত বহুতে বেদ পাহৰিবলৈ ধৰিলে, এই সুবিধাতে জন দিয়েকে বেদৰ আশ্ৰয় লৈ পুৰাণ ৰচে। এই পুৰাণ বিলাকত আমি পতিয়াব নোৱাৰা বহুত কথাই অতি বাঞ্ছিত ৰূপে ঠাই পালে। ইয়াত আচল কথা এৰি দি, বেদৰ নাম পোৱা দেৱতা। সকলৰ আৰু তাৰ লগে লগে সেই দেৱতাবিলাকৰ অঙ্গহি-বহি ৰূপে অনেক দেৱতাৰ কীৰ্তি কলাপ বৰ্ণনা আছে। . ইয়াত বলিদানৰ নিয়ম বেলেগ হয়। পশুটি একেবাৰেই এজন দেৱতাক উছৰ্গা কৰি দিয়ে।এই সময়ত যেই সেই দেৱতালৈ বলিদান কৰিব পাৰিছিল। পুৰাণত কিছুমান দেৱতা সত্ব গুণৰ; আৰু তেওঁলোকৰ কাৰ্যও শান্ত স্বভাৱৰ। গতিকে সেই দেৱতা সকলৰ উদ্দেশ্যত পশুবধ বৰ বেয়া হেন লগাত, যি সকলৰ কাৰ্য্য উগ্ৰস্বভাৱৰ সেই সকলৰ নামেহে বলি দিব পাৰি, পাচত এনে নিয়ম কৰা হয়। মাইকী দেৱতা বিলাক শক্তিৰূপিনী আৰু তামসিক স্বভাৱেৰে বৰ্ণনা কৰাত, দূৰ্গা। কালি আদি দেবী সকলৰ নামে বলিদান বিধান হয়। মাইকী দেৱতা যে জাগৃত ইয়াৰ আচল মূল হৈছে সাংখ্যদৰ্শন। এই দৰ্শনৰ মতে পুৰুষ শান্ত আৰু নিস্কৰ্ম্মা, প্ৰকৃতি বা মাইকীয়েই সকলো কৰে; আৰু শক্তি স্বৰূপ; পুৰুষে মুঠে প্ৰকৃতিৰ আশ্ৰয় লৈ ভোগ কৰে। | দেৱী সকলৰ তেজলৈ যে বৰ হেপাঁহ, এনে কথা পুৰাণে বৰকৈ দেখুৱা নাই। বলি মানে অকল পশুৱেই নাছিল, কেমেৰা-কুঁহিয়াৰ আদিও বলি। তন্ত্ৰৰ আবিৰ্ভাবেহে আজি কালিৰ বলিদানৰ সোঁত ইমান বেছি কৰিলে। তন্ত্ৰৰ মতে এটা ছাগ দান কৰিলে ইমান বছৰ গোসানী সন্তুষ্ট থাকে। ম’হত ইমান,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯৪
অৱয়ব