পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৮
অসমীয়া সাহিত্যৰ চানেকি।

পাহৰিলে পূৰ্ব্বভাব, একাঙ্গ যেতিয়া,
কোনোবা যুগত। মায়াৰ ঢাকোনে আৰু
ধৰে নিলগাই, নিচিনা ভাবৰ ফালে।
নেচাওঁ যেতিয়া হায়, মুখলই মোৰ,
একে ঠৰে থাকে চাই, হেঁপাহ চকুৰে।
চকুত পৰিলে চকু, কৰে তলমূৰ,
ধৰা-পৰা চমকনি খাই। এটি হাত
আদৰেৰে চপাই বুকত, সোধোঁ কিবা।
আবেগ উগাৰি উঠে। নেমাতি উত্তৰ।
দিয়ে কপালৰ ঘামে। বুকত মুখানি
ধৰি হেঁপাহ বান্ধেৰে, ঘনে সোধে কিবা।
উছাহ, আবেগ, কিবা, কিজানো কিভাবে,
‘ওঁ-হুঁ ওঁ তানে এটি সুৰ, ঘন উশাহৰে,
নাকেদি বাহিৰ হল, তালু-ফুটা ৰাগি।
বুজিলোঁ। হিয়াৰ ভাব, হিয়া ভিখাৰীয়ে।
কিবা, সুখ, কিবা শান্তি, কিবা অনুভৱ,
অৰ্দ্ধাঙ্গ মিলনে হায়, অৰ্দ্ধাঙ্গিনী সতে।
মুখে মুখে বুকে বুকে, প্ৰতি অঙ্গ ভাগে,
পৱিত্ৰ মিলন জ্যোতি প্ৰকাশি দেখালে,
একাঙ্গ শয়ন আহা। বিধিৰ বিধানে।